সম্পাদকীয়- ২০২২ এপ্ৰিল মাহৰ সংখ্যা

"আমাৰ বিহুটো যেনে আছে, তেনেই থাকক, মামৰে ধৰিলে ঘঁহি মচি মামৰ গুচাই দিলেই হʼব। আমাক কোনো বিলাতী নাচ উৎসৱৰ আৰ্হি নালাগে। আমি আমাৰ নিজৰ অসমীয়া মাটিত গজিছোঁ। অসমীয়া মাটিত জীম, বহিম আৰু থিয় হʼম।"

                     - - - লক্ষ্মীনাথ বেজবৰুৱা



           বিহু অসমীয়া জনজীৱনৰ লাইখুঁটা। অসমৰ লোকসংস্কৃতিৰ কোঁহে কোঁহে বিহু সোমাই আছে। বিহু অবিহনে অসমৰ মাটি-পানী সকলো উকা। কৃষিৰ সফলতাত, মনৰ আৱেগত, বিৰহত চহা লোকসকলৰ কণ্ঠত স্বতস্ফূৰ্তভাৱে নিগৰি অহা গীত-মাত, স্বতস্ফূৰ্তভাৱে হোৱা শৰীৰ সঞ্চালনেই বিহুগীত, বিহুনাচৰ উৎস। বিহুৰ যোগেদিয়েই গৃহস্থৰ কুশল কামনা কৰা হয়; দেশ-দহৰ বাতৰি জনোৱা হয়; বিহুৰ যোগেদিয়েই হৃদয়ৰ উমান দি বিহুৱা-বিহুৱতীয়ে যুৰীয়া জীৱনৰ পাতনি মেলে। বিহ অসমীয়া সমাজৰ দাপোন।


              সময়ৰ লগে লগে পিছে বিহুৰ ৰেহ-ৰূপো সলনি হৈছে। আহঁতৰ তলৰ বিহু আজি আহি মঞ্চ পালেহি। আধুনিক সময়ে বিহুক জীৱিকা হিচাপে প্ৰতিষ্ঠা কৰিলেও কোনোবাখিনিত যেন ইয়াৰ স্বকীয়তাত ফাঁট মেলিলে। সেয়ে আজিৰ বিহু হৈ পৰিছে কেৱল প্ৰতিযোগিতা আৰু মঞ্চ পৰিৱেশনৰ আহিলা। বৰ্তমানৰ বিহু এক বিশেষ ধনৱান শ্ৰেণীৰ মাজত আবদ্ধ। নৱপ্ৰজন্মৰ ধাউতিও প্ৰতিযোগিতাৰ দিশে ধাৱিত, ঘৰে ঘৰে মংগল কামনা কৰি হুঁচৰি গাবলৈ কাৰো আহৰি নাই।বৃত্তিগত (Professional)‌ হৈ বিহুৰ আৱেগ কʼৰবাত হেৰাই গʼল।


           পৰিৱৰ্তন অপৰিৱৰ্তনীয়। সংস্কৃতিলৈ পৰিৱৰ্তন আহিব‌ই। সময়ৰ লগত মিলাই বিহুলৈও পৰিৱৰ্তন আহঁক। তথাপিও ইয়াৰ স্বকীয়তা অক্ষুণ্ণ থকা বাঞ্চনীয়। মঞ্চবিহুতো পথাৰৰ বিহুৰ সেই আৱেগ থাকক, আজিৰ বিহুনামটো অতীজৰ মন মতলীয়া কৰা সুৰ থাকক, আজিৰ বিহুনাচটো দেও উঠা ভাঁজ থাকক। বিহু অসমীয়াৰ সাহস হৈ থাকক। অসমীয়া নৱবৰ্ষৰ প্ৰাকক্ষণত এয়াই আমাৰ মনোকামনা।


"বিহু থাকে মানে        বিহুকে বিনাবা

       বিহু গʼলে বিনাবা কাক।"



Post a Comment

Previous Post Next Post