মোক মাতাল হ'বলৈ দিয়া

©Admin
0
মোক আকৌ এবাৰ মাতাল
হ'বলৈ দিয়া
তোমাৰ নিভাঁজ প্ৰেমৰ
মৌ ৰস পান কৰি
মোক পাহৰি থাকিবলৈ দিয়া
নিৰাভৰণ গাভৰু আকাশৰ
তলত বহি
শ্বনমৰ কোলাত মূৰ থৈ
জ্যোৎস্নাৰ শুধ বগা চাদৰৰ
গোলাপী ৰাগিৰে বুৰাই ৰাখি
অন্তৰৰ আভ্যন্তৰত পৰি থকা
মূল্যবান খনিজৰ সন্ধানত
মোক নামি যাবলৈ
ৰুদ্ধ কপাট খুলি দিয়া
তোমাৰ বুকুৰ নিৰ্মল নদীত
আকৌ এবাৰ অৱগাহন কৰি
জিৰাবলৈ দিয়া মোৰ ভাগৰুৱা শৰীৰ
প্ৰিয় তোমাৰ জোনাকী 
সখী সবৰ সতে এবাৰ
বহিবলৈ দিয়া
আলচ কৰোঁ আমাৰ
শেৱালি কোমল হিয়াৰ বতৰা
গাতে গা লগাই
বহুদিন বহিব পৰা নাই
পাতিবলৈ তোমাৰ কথা
একো নিচাৰেই মই
মাতাল হ'ব পৰা নাই
নিঃসংকোচে নিবিড় একান্তভাৱে
তোমাৰ সতে বহিবলৈ
মোৰ বৰ হেঁপাহ হৈছে
আকৌ এবাৰ মাতাল হ'বলৈ 
কিমান যে কথাৰে ভৰি থাকে
তোমাৰ বুকুৰ
হৰ্ষ-বিষাদ , অৰ্থনীতি-ৰাজনীতি
প্ৰেম-কলহ , উত্থান-পতন
আৰু বহু কিবা
তাৰ এটা বিন্দুৰে মোৰ হিয়া ভৰাই
আকৌ এবাৰ মাতাল কৰি তোলা
তেতিয়াই স্থিৰ হৈ পৰিব
আশৈশৱ উদ্বাউল হোৱা
তোমাৰ বাবে মোৰ মন
তাৰ জুৰণিৰ বাবেই
মোক আকৌ এবাৰ
মাতাল হ'বলৈ দিয়া  ।।

হেমেন হাজৰিকা
     ৰাণী কামৰূপ
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)