খঞ্জুৰী নাম বৰ্তমানে লুপ্ত হ'বলৈ ধৰিছে । যেন ই কেলধেপ কেলধেপ কৈ জীয়াই আছে । নতুন প্ৰজন্ম কোনো কাৰনতে ইয়াৰ প্ৰতি আকৰ্ষিত নহয় অথবা ইয়াক নাজানে । নিজে শিকাতো দূৰৰে কথা অথবা উপভোগ কৰাৰ পৰাও বিৰত থাকে । কেৱল পাশ্চাত্য উচ্চাঙ্গ সঙ্গীতৰ প্ৰতি আকৰ্ষিত হোৱা আজিৰ চাম পুৰুষে ইয়াক জীয়াই ৰখাৰ কাৰণে মুঠেও আগ্ৰহী নহয় । নিজৰ জাতীয় সাহিত্য সংস্কৃতি দিনে দিনে মৃত্যুৰ গৰাহলৈ গতি কৰা দেখিও তেওঁলোক সজাগ আৰু সচেতন নহয় । কেৱল আনৰ সংস্কৃতিক বৰঘৰৰ বৰপীৰাত বহাই নিজেই মচগুল হৈ পৰিছে ।
এসময়ৰ অতি আকৰ্ষণীয় খঞ্জুৰী নাম আজি মুষ্টিমেয় কেইজনমান মানুহৰ মাজত বৰ্তী আছে । তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিছে এই সম্পদবিধক জীয়াই ৰাখিবলৈ । এতিয়া আৰু আগৰ দৰে মানুহে এই দলৰ লোক সকলক আমন্ত্ৰণ কৰি ঘৰত খঞ্জুৰী নাম অনুষ্ঠিত নকৰে কেৱল আৰ্থিক ভাৱে পিছপৰা লোকেহে শ্ৰাদ্ধ , তোলনী বিয়া , অন্ন-প্ৰাসন্ন আদি উৎসৱত তেওঁলোকক সাদৰেৰে নিমন্ত্ৰণ কৰি আনি খঞ্জুৰী নাম গোৱাই ইয়াক জীয়াই ৰাখিছে । খঞ্জুৰী নামৰ পদ সমূহত বৰগীতৰ এটা ঠাঁচ দেখিবলৈ পোৱা যায় । কোনো ধৰণৰ নাগাৰা, খোল, অথবা আন বাদ্য ব্যৱহাৰ নকৰাকৈ কেৱল খঞ্জুৰী এটা,তাল আৰু হাততালিৰেই নাম সমূহ পৰিৱেশন কৰা হয় । এই নামৰ দলত দহৰ (১০) পৰা পোন্ধৰ (১৫ ) গৰাকী সদস্য থাকে । দলটোৰ মূল ব্যক্তি গৰাকীক পাঠক আৰু অন্যান্য সকলক পালি বুলি জনা যায় ।
আমাৰ হাতত থকা তথ্য মতে য'ত তেখেত সকলে নাম পৰিবেশন কৰে তাৰ আৰম্ভণি নামটো এনেধৰণেৰে পৰিবেশন কৰে -
ভজন মন তই
কৃষ্ণৰে চৰণ ।।
লোক গীতৰ সুৰেৰে পৰিবেশন কৰা হয় বাবে শুনিবলৈ খুবেই ভাল লাগে । সাধাৰণতে দেহ বিচাৰ, বৰগীত, লোকগীতৰ সুৰৰ সংযোজনত পৰিবেশন হয় বাবে পৰিবেশটোত আধ্যাত্মিক চেতনাত মন প্ৰাণ উদ্বোদ্ধ হৈ উঠে ভগৱানৰ নাম গুণ গাই সৰল চিতেৰে ভক্তি ভাৱেৰে পৰিবেশন কৰাত দৰ্শক শ্ৰোতাৰ মন কিছু সময়ৰ বাবে হ'লেও ভক্তিৰ প্ৰতি ঢাল খুৱাই নিয়ে । পৰিবেশন কাৰী সদস্য সকলে সুৰ লগাই গোৱাত খঞ্জুৰীৰ তালে তালে নানা দেহভঙ্গীমাৰে আৰু অধিক মোহনীয় কৰি তোলে ।
এটা কথা সচায়ে ভাবিব লগীয়া যে ইয়াৰ কোনো লিখিত ৰূপ নাই । কেৱল মানুহৰ মুখে মুখে চলি অহা সুৰেৰে গঠা , নামৰ কলিসমূহৰ প্ৰতিটো শব্দতে আধ্যাত্মিক চেতনা বিৰাজমান ।
নাম সমূহ পৰিৱেশন কৰা সময়ত একান্ত ভাৱে মন দি শুনিলে সচা অৰ্থত ভক্তিত গদগদ হৈ পৰা দেখা যায় । যি সকল শিল্পী ইয়াৰ লগত জড়িত হৈ আছে তেখেত সকলে যিমান নিষ্ঠাৰে ইয়াক জীয়াই ৰখাৰ ব্ৰতত ব্ৰতী হৈ আছে তাৰ বাবে তেওঁলোকক ধন্যবাদ নিদি নোৱাৰি । পৰিবেশন কালত স-ভক্তিৰে তেওঁলোকে নাম সমূহ পৰিৱেশন কৰে । তেওঁলোকৰ যেনেদৰে পৰিবেশনৰ আৰম্ভণি গীত আছে তদনুৰূপভাৱে সামৰণি গীতো আছে । সামৰণি গীত তেওঁলোকে এনেদৰে পৰিবেশন কৰে ।
অ হে বুঢ়া ভাই
হৰিৰ গুণ গাই নাচা
এই খঞ্জুৰী নামৰ কথাখিনি আমি ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰিহে লিপিবদ্ধ কৰিছোঁ । প্ৰথমবাৰ স্ব-চক্ষুৰে দেখি আৰু স্ব-কাণে শুনি কিবা এটা কৰাৰ অদম্য আশা বুকুত পুহি ৰাখিছিলো কিন্তু বাস্তৱায়িত কৰিব পৰা নাছিলোঁ । দ্বিতীয় বাৰ একেবাৰে ঘৰৰ কাষতে ইয়াক দেখিবলৈ আৰু শুনিবলৈ পায় ইয়াৰ অলপ ভিতৰলৈ প্ৰবেশ কৰি দুআষাৰ লিখিবলৈ ল'লো । আমাৰ অনুভৱ হ'ল ইও সংস্কৃতিৰ এক সম্পদ । ইয়াক জীয়াই ৰখাৰ আমাৰ সকলোৰে দ্বায়িত্ব আৰু কৰ্তব্য আছে । নহ'লে আজিৰ যিচাম বয়োবৃদ্ধ লোক ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোক আতৰি যোৱাৰ পিছত ই একেবাৰে হেৰাই যাব । তেতিয়া আৰু হাই হাই কৰি কপালত চপৰিওৱাৰ বাদে আন গত্যন্তৰ নাথাকিব । ইমান অটুল বৈভৱেৰে গঠিত আমাৰ নিজা সংস্কৃতিৰ প্ৰতি কিয় বিতশ্ৰদ্ধ হৈ পৰিছো আমি নিজেই নাজানো । এনেদৰে হৈ থাকিলে আৰু কেইটামান দশকৰ পাছত আমি বাৰু আমি বুলি পৰিচয় দিব পৰাকৈ কিবা এটা বাকী থাকিবগৈ নে ?
আমাৰ নিজৰ অস্তিত্বৰ চিনাকি স্থায়ী কৰি ৰাখিব পৰাকৈ কিবা এটা কৰাৰ সময় সমাগত । ইয়াৰ বাবে কেৱল উত্তৰ পুৰুষৰে নহয়, অগ্ৰজ সকলোৰো সমান দ্বায়িত্ব আছে । আহক আমি সকলোৱে ইয়াৰ বাবে কিবা এটা কৰোঁ আহক সোনকালেই ।।
◾হেমেন হাজৰিকা
ৰাণী কাহিকুছি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ