ফাগুনী - কুঞ্জ মোহন কাকতি

©Admin
0
আহিছে নামি ধৰা লৈ মৰমৰ ফাগুনী । উন্মনা মলয়া বতাহ ককাইটিক লগত লৈ । চঞ্চলা পখীৰ দৰে উৰি ফুৰিবলৈ।
ফাগুনীয়ে মোক লগ পাই সুধিলে - হেৰৌ ! ডেকা ল'ৰা , তুমি প্ৰেমত পৰিছা ?
মই ক'লো - নাই ।
তেনেতে ফাগুনীয়ে ক'লে - হেৰৌ ! ডেকা ল'ৰা ৰঙা শিমলু জোপালৈ ৰ' লাগি কি চাই আছা ?
মই তপৰাই ক'লো - চোৱাচোন ফাগুনী , এই ৰঙা শিমলুৰ বগা কপাহখিনি কেনেকৈ উৰি ফুৰিছে মোৰ ওপৰত । যিয়ে মোক বলিয়া কৰিছে ।
   ----- মই বুজিছোঁ ডেকা , তুমি মানে প্ৰেমত পৰিছা?
   ---- নাই ফাগুনী , মই প্ৰেমত পৰা নাই !
   ---- হেৰৌ ! ডেকা ল'ৰা তুমি প্ৰেমত পৰিছা ?
   ---- নাই পৰা । এইবাৰ মই চিঞৰি ক'লো ।
   ---- তেন্তে সৰাপাত খিলা হাতত লৈ লিৰিকি-বিদাৰি কি চাই আছা ?
   
        মইও জানো মই যে প্ৰেমত পৰিছো । ফাগুনৰ বলিয়া বতাহজাকে মোক প্ৰেমত পেলাইছে ।
     
          প্ৰেমৰ আন নাম যে ফাগুন ।
            
 ◾শ্ৰী কুঞ্জ মোহন কাকতি
     হাতীবাট , মৰিগাঁও
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)