আকাশৰ নীলিমা...
আবেলিৰ বেলিৰ
হেঙুলীয়া শোকে মাথোঁ দি যায়
বিবৰ্ণ সময়ৰ হেৰুৱা অস্তিত্ব (!)
চাৰিওফালে চানি ধৰা
কলিয়া ডাৱৰৰ দাৱানলত
মৰহিল ৰক্তাক্ত বেলি ।
আকাশেদি উৰি যোৱা
নীড়মুখী চৰাইজাকৰ কাকলিতো শুনো
বিষাদৰ বাস্তৱ মৰিচীকা ।
চকুলো হৈ সৰা এজাক যন্ত্ৰণাৰ
বৰষুণেও দি যায়
বেদনাৰ সীমাহীন ঢৌ ।
সন্ধিয়াৰ পানীপোতাত
বিশ্বাসবোৰে এটা বিদ্ৰুপৰ হাঁহি মাৰি
উদঙাই দিয়ে
শিৰোনামহীন কবিতাৰ মায়াবী পংক্তি ।
মৃদু সমীকৰণৰ নাচনী লহৰত বাজি উঠে
মোৰ হৃদয়ৰ আকুলতা,
প্ৰাণৰ ব্যাকুলতা ।
আশা-নিৰাশা আৰু সপোনৰ দোমোজাত
ক্ৰমশঃ শূন্য হৈ গৈ আছে
মোৰ মন আকাশ ।
✍️ বিশ্বজিৎ সূত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ