ধাৰাবাহিক উপন্যাস আৰ্তনাদ খণ্ড নং ০৯-বিটুমনি কোঁছ

©Admin
0
এক নিষ্ঠুৰ সত্য ছবি বুকুত  বান্ধি নিষ্ফল জীৱনটোৱে  বুকু ভাঙি কান্দিবলৈ ল'লে । বিষাদৰ ঘন ছাঁয়াত মোৰ বাস্তৱে আহি ধৰা দিলেহি।

মোৰ ভুল ক'ত আছিল ? বাৰে বাৰে মই মোক প্ৰশ্ন কৰিবলৈ ললোঁ।প্ৰেম, ভালপোৱা, সৌন্দৰ্যৰ মাজত সোমাই থকা হৃদয়খন ইমানেই কদৰ্য্য আছিল।মই কিয় অনুভৱ কৰিব পৰা নাছিলোঁ।ইমান দিনে স্বামী বুলি নিজকে আত্মসমৰ্পণ কৰি অহা মোৰ প্ৰেম ভাল পোৱা ,শ্ৰদ্ধাবোৰ আজি শেষ হৈ পৰিল।কি হৈ গ'ল ? ভাৰাক্ৰান্ত দেহাটো ঘৰৰ পাছফালে থকা গছজোপাত আউজি বহি পৰিলোঁ।চকুৰে আন্ধাৰ দেখিলোঁ।আকাশলৈ চালোঁ, আকাশখন দুফাল হ'ল।

মোৰ সন্মুখত এটা আমৰলি পৰুৱাৰ বাহ।খাদ্যৰ সন্ধানত সিহঁতে মোৰ দেহত পিয়াপি দি ফুৰিছে।

মা, মোক সাবটি মোৰ ছোৱালী ফেঁকুৰি উঠিল।

মই বাস্তৱলৈ ঘূৰি আহিলোঁ।ছোৱালীজনীক মই সাবটি ধৰিলোঁ।মই মোৰ মাতৃ ধৰ্ম পালন কৰিছোঁ।মই একো ভুল কৰা নাই।মাতৃ মই মোৰ সন্তানক সুৰক্ষা দিয়া মোৰ কৰ্তব্য।আৰু সেইবাবেই মোৰ সন্তানৰ সুৰক্ষা পথত হেঙাৰ হোৱা মোৰ স্বামীক মই অতি নিষ্ঠুৰ ভাৱে হত্যা কৰিবলৈ বাধ্য হলোঁ।

এই পৰুৱাৰ বাহটো লৈ মোৰ পাছে পাছে আহি থাক।মই মোৰ ছোৱালীক আদেশ দিলোঁ।তাই ভয়তে কান্দিবলৈ ধৰিলে।

নাকান্দিবি ।তোৰ মাৰে তোক বেয়া চকুৰে চোৱা মানুহক কেনেকৈ শাস্তি দি মৃত্যু দিম ,তই চাই ল।

সুৰংগ তলত পৰি থকা মোৰ মৃত স্বামীৰ বিকৃত ৰূপটো দেখি তাই ভয়তে চিৎকাৰ কৰি উঠিল যদিও এক আনন্দৰ সন্তুষ্টি ভাৱ মুখত ফুটি উঠিল।পৰুৱা বাহটো সেই পশুটোৰ গাত দি দে।

পৰুৱা বাহটো দলি মাৰি তাই গাত লাগি থকা পৰুৱাবোৰ গুচাবলৈ ধৰিলে।
শেষবাৰৰ বাবে উভতি চাই মই সুৰংগৰ ঢাকনি খন মাৰি আঁতৰি আহিলোঁ।মোৰ কপালত উলমি ৰোৱা ৰঙা বেলিটো মই মুহাৰি পেলাব নোৱাৰিলোঁ।চুলিৰ মাজেৰে বৈ যোৱা তেজ ৰঙা সুঁতিটো ৰঙেৰে পৰিপূৰ্ণ কৰি দাপোনত নিজকে পৰিচয় দাঙি ধৰিলোঁ সধবা মহিলা বুলি।মোৰ সন্তানৰ নিৰাপত্তাৰ আৰু নিজৰ নিৰাপত্তা আমোঘ অস্ত্ৰ এইয়া।

নিদ্ৰাবিহিন উজাগৰী ৰাতি আপ্ৰাণ চেষ্টা কৰি বিফল হৈছোঁ টোপনি অহাৰ প্ৰচেষ্টাত।দৰ্জাখন কেৰেক কৰি খোল খোৱা শব্দ।চকু-কাণ ঠিয় কৰি শব্দটো অহাৰ ফালে সজাগ হৈ আছোঁ।

মা পাপা ,পাপা।ল'ৰাটোৱে টোপনিতে চিঞৰি উঠিল।

মোৰ বুকুখন চিৰিং কৰি উঠিল।উশাহে -নিশাহে যাৰ উপস্থিতিত সজীৱ হৈ আছিল মোৰ হৃদয়।সেইজনৰ উপস্থিতিয়ে আতংকৰ সূচনা কৰিছে।বিছনাৰ তলত থৈ দিয়া দীঘল দা খন হাতত লৈ এখোজ-দুখোজকৈ মই দৰ্জাখনলৈ আগবাঢ়িলোঁ ।

◾বিটুমনি কোঁছ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)