ওৰণিৰ আঁৰৰ মুখ

©Admin
0
-ভাৰা কিমান ?
-৮০ টকা বাইদেউ !
   বেগৰ পৰা ১০০ টকীয়া নোট খন উলিয়াই উবেৰ চালকজনক দিলো। চৌপাশে এবাৰ চকু ফুৰাই চাইছোঁ  সদাব্যস্ত মানুহবোৰক , কোনেও কাৰো ফালে চাবলৈ আহৰি নাই , কোনোৱে কাৰো কথা শুনিবলৈ যেন সময় নাই । চকুত পৰিল সন্মুখত ডাঙৰ ডাঙৰ আখৰেৰে লিখা 'FAMILY COURT' শব্দ দুটা !
- বাইদেউ , এইটো লওক ২০ টকা ।
      চালকজনে মাত দিয়াত হে তেওঁলৈ চালোঁ । তেওঁৰ পৰা খমখমীয়া নোটখন লৈ সন্মুখৰ গেট খনৰ ফালে আগবাঢ়ি গ'লো।
          Family court ৰ বাহিৰত আমাক অৰ্থাৎ মই আৰু মোৰ স্বামী অনন্ত চলিহাক দেখি উকীল সুদৰ্শন বৰা আগবাঢ়ি আহিল। কেৰাহিকৈ অনন্তলৈ চালোঁ , তেওঁৰ মুখলৈ চাই ধৰিব পাৰিলো যে তেওঁৰ যেন মোক ডিভৰ্ছ দিয়াৰ অলপো ইচ্ছা নাই । তেওঁক একো কথা কোৱাৰ সুযোগ নিদি মই ক'লো ,
- ব'লক , এতিয়া আৰু ইয়াত ৰৈ থকাৰ কথা নাহে।
       কি কি কৰিব লাগিব ,কি ধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব সকলোবোৰ কথা সুদৰ্শন বৰাই আমাক বুজাই গ'ল আৰু আমিও নিশব্দে তেওঁক অনুসৰণ কৰি দীঘল বাৰাণ্ডাখনেদি খোজ ল'লোঁ ।
                    আজিৰ পৰা প্ৰায় ১০ বছৰৰ আগত চহৰৰ অন্যতম ব্যৱসায়ী অনন্ত চলিহাৰ লগত মোৰ (অনুৰাধা বৰুৱাৰ) বিবাহ সম্পন্ন হৈছিল । বিয়াৰ পিছত স্বামীৰ নতুন ঘৰখনত সকলোবোৰ সদস্য বৰজনা , জা , দেৱৰ , ননন্দ , শহুৰ-শাহুৰে গিজগিজাই থকা ঘৰ খনত সকলোৰে অসীম স্নেহৰ মাজতো কেতিয়াবা অনুভৱ কৰোঁ অনন্ত যেন মোৰ পৰা আঁতৰি আঁতৰি আছে । ভাবিছিলো খুব কম সময়ৰ ভিতৰত বিয়াখন হোৱাৰ বাবেই হয়তো মোৰ লগত সহজ হ'বলৈ কিছু সময়ৰ প্ৰয়োজন । 
কিন্তু সময় বাগৰাৰ লগে লগে স্বামী অনন্ত চলিহাই মোক প্ৰতিটো কথাত অৰ্থহীন তিৰ্য্যক মন্তব্যৰে থকা-সৰকা কৰিবলৈ ধৰিলে , সৰু-সুৰা ভুল বিলাক কৰিলেই তেওঁ মোক দাবী-ধমকি দিবলৈ ধৰিলে , মোৰ কামবোৰ আৰু তেওঁৰ কামবোৰৰ মাজত তুলনা কৰি মোক গৌণ প্ৰমাণিত কৰিবলৈ যেন উঠি-পৰি লাগিছিল। তেওঁৰ বন্ধুবৰ্গৰ সন্মুখত সততে মোৰ বিষয়ে বেয়াকৈ কোৱাটো তেওঁৰ যেন এক স্বভাবগত অভ্যাসত পৰিণত হৈছিল। তেওঁ কোৱা অতিৰঞ্জিত কথাবোৰ শুনি কেতিয়াবা মই বিবুদ্ধিত পৰো , কেতিয়াবা মনটো অস্থিৰ হৈ উঠে। কেতিয়াবা তেওঁৰ আচৰণ , মোৰ প্ৰতি কৰা ব্যৱহাৰ , মোৰ বাবে অনধিগম্য বিষয় হৈ পৰে। তেওঁৰ মোৰ প্ৰতি কৰা অৱহেলা মোৰ অনভিপ্ৰেত । তেওঁৰ কথাবোৰত স্পষ্টকৈ পৰিস্ফুট হয় যে তেওঁৰ হৃদয়ত মোৰ প্ৰতি আদৰৰ অভাৱ । তেওঁৰ কটু কথা বোৰে বুকুত দকৈ শিপা মেলি ধৰিছিল । সেই যে কইনা বিদায়ৰ মুহূৰ্তত শিকোৱা হয় স্বামীয়ে যিয়েই নকৰক কিয় পত্নীয়ে স্বামীৰ কথা শুনাটো জৰুৰী ।‌ সেই কথাকে সাৰথি কৰি সকলোবোৰ দেখি শুনিও মই নিমাত নিশ্চুপ হৈ আছিলোঁ । ভৰসা আছিল সময়ৰ ওপৰত ! কি ঠিক কিজানি মানুহজন সলনি হয়েই !
           এদিন ৰাতিপুৱা মোক স্বামীয়ে জনালে যে তেওঁ বিশেষ কৰ্মসূত্ৰে চহৰৰ পৰা বাহিৰলৈ যাব। মইও লৰালৰিকৈ তেওঁক খোৱাই-বোৱাই আজৰি কৰি খোৱা বস্তুবোৰ সামৰি সুতৰি তেওঁক দিলো। যোৱাৰ আগে আগে তেওঁক সুধিলোঁ ,
- অনন্ত , তোমাক ভালপোৱাটো মোৰ ভুল নেকি বাৰু ? 
উত্তৰত তেওঁ কলে ,
- নহয় , কিন্তু এনেকুৱা ও নহয় যে তুমি ভালপোৱা জনে তোমাক ভালপাবই লাগিব। আৰু এটা কথা কি শুনি লোৱা ! সৰুৰে পৰা আমাক শিকোৱা হৈ যে প্ৰতিটো বস্তুৰে এটা সীমা থাকে শেষ হোৱাৰ ; যেনে :- কাৰোবাক ভাল লগাৰ , কাৰোবাক মনত ৰাখি গান গুণগুণুৱাৰ , কাৰোবাৰ কথা ভাবি হাঁহি উঠাৰ ! কিন্তু কি জানেনে কাৰোবাক ভাল লগা কোনো শেষ সীমা থাকিব নোৱাৰে । জীৱনৰ প্ৰতিটো মুহূৰ্ত উদযাপন কৰাৰ অধিকাৰ থাকে , বৰ্ধিত বয়সৰ কথা নাভাবি যিকোনো সময়ত সুখী হৈ থকাৰ অধিকাৰ থাকে। কি জানে নে বয়স সলনি হয় , মানুহ সলনি হয়, স্নেহৰ পৰিভাষা সলনি হয় কিন্তু কেতিয়াও স্নেহ সলনি নহয়।
         তেওঁৰ এই উত্তৰটো পোৱাৰ পিছত মই অলপ সময়ৰ বাবে ভাবনাত পৰি গৈছিলো । তেওঁ কোৱা কথাবোৰৰ অৰ্থ বুজিবলৈ মোৰ বাবে জটিল হৈ পৰিল। অনন্ত ওলাই যোৱাৰ পিছতেই মনটো বৰ এটা ঠিক লাগি থকা নাছিল। ননন্দ গৰাকীয়ে হয়তো বহুত সময় আগৰ পৰা মোক লক্ষ্য কৰি আছিল সেয়েহে তাই সকলোকে এটা প্ৰস্তাৱ দিলে যে আজি ৰাতিৰ আহাৰ সাজ চহৰৰ বিলাসী হোটেল "HOTEL MOONLIGHT" তে খোৱা যাওক। সকলোৱে একেষাৰে সঁহাৰি দিলে। মই অলপমান থেৰো-গেৰো কৰিছিলোঁ যদিও মোৰ মতামত ন'ৰল। অনিচ্ছাসত্ত্বেও সকলোৰে আগ্ৰহত যাবলৈ ওলালোঁ।
                      সকলোৱে ভিন্ন ধৰণৰ আইটেম অৰ্ডাৰ দি খোৱা বোৱা আৰম্ভ কৰিলে । মোৰ যিহেতু মনটো খেলিমেলি হৈ আছিলে খাবলৈ ইচ্ছা নাছিল যদিও সকলোকে দেখুৱাই এনেই অলপ মান হে মুখত দিলো। মোক তেনেকৈ থকা দেখি বৰজনাই কৈছিল-
- কিহে বোৱাৰী , অনন্তলৈ মনত পেলাই খোৱা বোৱা বাদ দি দিছা নেকি ? 
    হঠাৎ সুধী দিয়া প্রশ্নটোত কি বুলি উত্তৰ দিম ভাবি সৰুকৈ ক'লো ,
- নাই নাই , তেনেকুৱা কথা নহয় দাদা। 
     সকলোৱে হাঁহি দিলে। কিন্তু মোৰ কিয় নাজানো এক অহেতুক ভয়ে হেঁচি ধৰিছে বুকুখন কিবা যেন বেয়া হ'বলৈ গৈ আছে। অনন্তৰ কথা মনত পেলাই ভাবিছোঁ তাৰ কিবা হোৱা...!!!  নাই নাই কি ভাবিছোঁ এইয়া ! 
                সকলোৰে খাই হোৱাৰ পিছত বিল পৰিশোধ কৰিবলৈ যাওঁতে হঠাৎ এজন ব্যক্তিৰ ওপৰত চকু পৰিল। হয় ঠিকেই , সেইজন তাইৰ স্বামী অনন্ত ! মোৰ মুখেৰে হাঁহি এটি ওলাই পৰিলে আৰু আপোনা আপুনি মুখৰ পৰা ওলাই গ'ল
- অনন্ত , ইয়াত !
 মোৰ কথাত সকলোৱে ঘূৰি চালে মই চোৱাৰ পিনে। কিন্তু মোৰ হাঁহি থকা মুখখনৰ বিপৰীতে অন্য সকলোৰে মুখত এক ডাঙৰ প্ৰশ্নবোধক চিহ্ন এটি ৰৈ গ'ল যেতিয়া সকলোৱে দেখিলোঁ যে অনন্তৰ কাষত এগৰাকী অচিনাকি মহিলা আৰু মহিলাগৰাকীৰ কঁকালত অনন্তৰ হাত। অনন্তৰ এক অচিনাকি ৰূপ দেখি সকলোৱে তবধ মানিলো। ননন্দ গৰাকীয়ে চিঞৰি উঠিল 
- দাদা ! তই ইয়াত !
   তেতিয়াহে যেন অনন্তৰ চকু পৰিল আমাৰ ওপৰত। অনন্ত ওচৰ চাপি অহাৰ লগে লগে সকলোৱে একেমুখে তিৰস্কাৰ কৰিলে। তেওঁ মোক বুজাবলৈ চেষ্টা কৰিছিল মই তেওঁক এবাৰো সুযোগ নিদিলো আৰু একো এটা প্ৰশ্নৰ অৱতাৰণা নকৰি ঘৰমুৱা হ'লো।
                    ঘৰ আহি পাইয়েই হেঁপাহ পলুৱাই কান্দিলো।বুজি উঠিলোঁ বিয়াৰ পিছত আজি অতদিনে তেওঁ মোৰ লগত কিয় এবাৰো ভালকৈ মিলিব নোৱাৰিলে? আচলতে মিলিবলৈ চেষ্টাই নকৰিলে। তেওঁ ৰাতিপুৱা কৈ যোৱা কথাবোৰৰো যেন অৰ্থ বুজি পালোঁ এতিয়াহে। তেওঁক যেতিয়া হৃদয়ত স্থান দিছিলোঁ এবাৰলৈও ভবা নাছিলোঁ যে এদিন উপন্যাসৰ কাহিনী দৰে মোৰ জীৱনটোও হ'ব। হয় তেওঁৰ অপচন্দ আছিলোঁ মই কিন্তু সেইবুলি মোৰ অধিকাৰ খিনিও তেওঁ অন্য নাৰীক দিব বুলি ভবা নাছিলোঁ। জানিছিলোঁ মোক তেওঁ কোনোদিনে চাগে আঁকোৱালি ল'ব নোৱাৰিব তথাপিও তেওঁক কোনোদিনে অবিশ্বাস কৰা নাছিলোঁ। তেওঁৰ কৰ্মৰ আগত আজি মোৰ বিশ্বাস লজ্জিত। বহুত দেৰি কন্দাৰ পিছত নিজকে সান্ত্বনা দিলো যে বহুত হ'ল ,আজি ১০ বছৰে তেওঁৰ পৰা যিখিনি পালোঁ সেইখিনি তেওঁৰ পত্নী বুলি সহ্য কৰি ললোঁ । কিন্তু এতিয়া তেওঁ যিহেতু পত্নীৰ স্থান,অধিকাৰ,প্ৰেম সকলোবোৰ অন্য এগৰাকী নাৰীক দিছেই গতিকে মই আৰু এইবোৰত লাগি থকাৰ কথা নাহে !
         বিয়াৰ অবিহনে হেনো এগৰাকী নাৰীৰ জীৱন আধৰুৱা। সেয়েহে  বিয়াৰ কথা ঘৰত উলাওতেই অলপো হকা-বাধা কৰা নাছিলোঁ। সমাজৰ মানুহৰ কথা শুনি অথচ নিজস্ব চিন্তা চৰ্চা,বিশ্লেষণ, পৰ্যালোচনা বোৰক উপেক্ষা কৰি এবাৰ বিয়া হোৱাতো বিচাৰিছিলো লাগিলে স্বামী যেনেকুৱাই নহওক। সেয়েহে বিয়াৰ পিছত মোৰ অস্তিত্ব হেৰাই গৈছিল। কিন্তু ইমান দিনে যি হ'ল হ'ল । আজি পানী যেতিয়া মূৰৰ ওপৰেৰে বৈ গ'ল সেয়েহে আজিৰপৰা মোৰ জীৱনৰ লেকাম ডাল নিজৰ হাতৰ মুঠিলৈ ল'লোঁ। আজিলৈকে মাত্ৰ আনৰ বাবে চিন্তা কৰিছিলোঁ আৰু নিজৰ বাবে ভাবিবলৈ সময়েই পোৱা নাছিলোঁ কিন্তু এতিয়াৰ পৰা ভাবিম ! মান মৰ্য্যদা, আত্মসন্মান,স্বভিমান সেই সকলোবোৰ পাবলৈ চেষ্টা কৰিম যিবোৰ পাবলৈতো বাদেই ভাবিবলৈকে কালি পৰহিলৈকে অসম্ভৱ আছিল। সকলোতকৈ জৰুৰী কথাটো হৈছে নিজৰ ওপৰত বিশ্বাস হোৱাটো,নিজৰ মনত পালি থকা ভয়ক প্ৰত্যাহ্বান দিয়াটো। তেওঁ মোক পছন্দ কৰকেই বা নকৰক আজিলৈকে তেওঁ মোৰ অস্তিত্ব আছিল কিন্তু আজিৰ পৰা মোৰ জীৱনত তেওঁৰ একো অস্তিত্ব নাথাকিব। সেয়েহে এই সম্পৰ্কৰ সিদ্ধান্ত মই ল'ম যে মই অনুৰাধা বৰুৱা হৈ থাকিম নে অনুৰাধা চলিহা হৈ থাকিম। মোৰ জীৱনৰ সকলো সিদ্ধান্ত আজিৰ পৰা মোৰ নিজৰ হ'ব। এতিয়া মই সেই অনুৰাধা নহও যিজনী অনুৰাধা তেওঁৰ স্বামীৰ খং দেখি তেওঁৰ ওচৰত থৰ থৰকৈ কঁপিছিল। এই অনুৰাধাৰ নতুনকৈ জন্ম হৈছে।
   - চহী কৰক অনুৰাধা।
 সুদৰ্শন বৰাৰ মাততহে সম্বিত ঘূৰি আহিল। মনটো টান কৰি দুয়োজনে চহী কৰিলোঁ আৰু তাৰ লগে লগে আমাৰ ১০ বছৰীয়া সম্পৰ্কৰ ইতি পৰিলে। আদালতৰ পৰা ওলাই দুয়ো বিপৰীত দিশেৰে খোজ ললোঁ। 
দূৰৈৰ পৰাই গান এটা ভাঁহি আহিল --
"আকৌ নতুন প্ৰভাত হ'ব
  কালৰাতি এই নাথাকিব..."
        

লেখকৰ পৰিচয়ঃ 
বন্তী দত্ত
তৃতীয় ষান্মাসিক
কমাৰগাঁও মহাবিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)