সুখ দুখ আৰু মায়াৰে,
ভৰি আছে এই জীৱন.....
জীৱন পথৰ প্ৰতিটো
পলে দি যায়
শিক্ষাৰ বাৰ্তা।
দুদিনীয়া হয় এই
মায়াৰ মেলা......
সুখ দুখৰ লীলাই
জীৱনৰ ৰস তুলি আনে।
বহুতো ঘাট-প্ৰতিঘাতৰ মাজত
জীৱনৰ এই কঠিন যাত্ৰাত
হেৰুৱাব লগা হয়
কোমল সেই শৈশৱ,
কি যে মধুৰ সেই মায়াসনা দিন।
আজি জীৱন পথত
আধৰুৱা মই
আধৰুৱা মোৰ কবিতা
সুখ দুখৰ মাজেৰে জ্বলিছে
মোৰ জীৱন পথৰ শলিতা।।
কবিৰ পৰিচয়ঃ দিপাঞ্জলী গড়