এডাল মম জ্বলাই লৈছে
ভয় লাগে তাইৰ অন্ধকাৰ
অন্ধকাৰত যে নিঃসংগতাবোৰ
ক্ৰমশ বাঢ়ি আহে.........!
বাহিৰৰ কোলাহলৰ শব্দ শুনি
উচুপি উচুপি মৌন হৈ পৰে তাই
আজিও প্ৰতি মূহুৰ্ততে সুঁৱৰে
অতীতৰ কিছু স্মৃতি......
দুচকুত যদিও আছে
এধানি ৰঙীন সপোন
তথাপি তাইৰ বুকুত আছে
বিষাদৰ এবুকু যন্ত্ৰণা।
বিষাদত ডুব গৈছে তাইৰ
ওঁঠৰ চঞ্চলা হাঁহি..
এতিয়া তাইৰ নাই উন্মাদনা
ছায়া হৈ প্ৰতি মূহুৰ্ততে
নিঃসংগতা আৰু ভয়ে
আঁৱৰি ৰাখে তাইক
অন্ধকাৰত তাই যে
উশাহ ল'ব নোৱাৰে
চিঞৰি উঠে বলিয়াৰ দৰে।
সুখবোৰ স্পৰ্শ কৰি
হাঁহিব বিচাৰিছিল........
কিন্তু সকলো নিমিষতে
জ্বলি ছায়া হৈ গ'ল।
কেতিয়াবা প্ৰশ্ন কৰে নিজকে
নিঃসংগতাবোৰনো তাইৰ
কিয় ইমান প্ৰিয়
কিয় বিষাদত ডুব গ'ল
তাইৰ চঞ্চল হাঁহি.......?
তাই জানো তাইৰ
সৰলতাখিনিয়ে নাশ কৰিব পাৰিব
বুকুত থকা বিষাদৰ যন্ত্ৰণা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ