আৰ্তনাদ খণ্ড নং ৫ - বিটুমনি কোঁছ

©Admin
0
জীৱনৰ বাটত পদে পদে উজুটি খাইও বিচলিত নোহোৱা জীৱনৰ মাকে, আজি উন্মাদ সৰু পুত্ৰ জীৱনৰ জীৱন ৰহস্য ।লগতে নিজৰ গুপ্ত জীৱনৰ আচল কাহিনী বংশৰ উত্তৰাধিকাৰী মাতৃৰ আগত দাঙি ধৰিবলৈ হাতত কলম তুলি লৈ, নীৰৱে কিছু সময় ভগৱানক প্ৰাৰ্থনা কৰি ল'লে।আৰু উভতি গ'ল অতীতলৈ।

এখন ডাঙৰ চহৰৰ এজন ব্যৱসায়ীৰ একমাত্ৰ সন্তান আছিলো মই।মোৰ নাম অৰুন্ধতী সন্দিকৈ।সৰুৰে পৰা পঢ়া শুনাৰ ওপৰিও নাচ গানতো বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিলোঁ।

সময়ত এজন সুৰ্দশন ডেকাৰ সৈতে মোৰ বিবাহ হয়।অতি অমায়িক আৰু চৰিত্ৰবান বুলি ভাবি লোৱা মোৰ পিতৃ মাতৃয়ে ব্যৱসায়ৰ সমস্ত দায়িত্ব জোঁৱায়েকক দি গাঁৱৰ ঘৰলৈ উভতি গৈছিল।

 বৰ সুন্দৰকৈ দিনবোৰ পাৰ হৈছিল।আমাৰ বৈবাহিক জীৱনৰ সাক্ষী হৈ মোৰ ডাঙৰ পুত্ৰ জীতেনৰ জন্ম হৈছিল।

মোৰ সন্তান আৰু ঘৰুৱা কামত সহায় কৰিবলৈ এজনী বেংগলী তিৰোতা আহিছিল।অমায়িক তিৰোতাজনীৰ লগত এজনী ১০/১২ বছৰীয়া তাইৰ জীয়েক আহিছিল।মৰম লগা ছোৱালীজনীৰ সৈতে মোৰ ডাঙৰ পুত্ৰ জীতেনে বৰ সুন্দৰকৈ ওমলি থাকে।মৰম লগা ছোৱালী জনীৰ প্ৰতি মোৰ মনত অহেতুক এটা মৰম বুকুৰ মাজত সোমাই পৰিছিল।মই মোৰ ল'ৰাৰ লগতে ছোৱালীজনীকো অক্ষৰ জ্ঞান দিবলৈ আৰম্ভ কৰিলো।খুব কম সময়ৰ ভিতৰত তাই সকলো আখৰ চিনি পোৱা হ'ল। আৰু মোক অবাক কৰি মোৰ ল'ৰাক তাই হাতত ধৰি পঢ়াবলৈ ল'লে।
সময়বোৰ বৰ সুন্দৰ আছিল।মৰমীয়াল মোৰ স্বামীয়ে নিজৰ সংসাৰ আৰু ব্যৱসায় সুন্দৰকৈ চলাই নিছিল।

তেতিয়া জীতেনৰ বয়স ৪ বছৰ আছিল।ওচৰৰে ইংলিছ মেডিয়াম স্কুল খনত নাম ভৰ্ত্তি কৰি দিয়া হ'ল। জীতেনৰ অনুপস্থিত সময়ত অকলশৰীয়া অনুভৱ কৰিবলৈ ল'লোঁ।নিজৰ শিক্ষাগত অভিজ্ঞতাৰে কৰ্মমুখী হ'বলৈ শিক্ষকতাৰ পদত ইন্টাৰভিউ দিলো।চাকৰি পালো ঘৰৰ পৰা অলপ দূৰত।সন্তানৰ কথা ভাবি চাকৰি কৰিবলৈ অপাৰগ হৈছিলো।মোৰ স্বামীৰ সাহসত মই শিক্ষয়িত্ৰীৰ পদত নিযুক্তি হ'লোঁ।
গতানুগতিক জীৱনৰ ধাৰা।পুৱাই ল'ৰাটোক স্কুলত থৈ মই মোৰ গন্তব্য স্থানলৈ গতি কৰোঁ।ল'ৰাৰ স্কুল চুটি হ'লে দেউতাকে অলপ সময় লগত ৰাখে।বচ এইদৰেই আমাৰ এখন সুন্দৰ সংসাৰ।

এদিন পুৱাই কাম কৰিবলৈ অহা তিৰোতাজনীয়ে কান্দি কান্দি আউলি বাউলি হৈ মোৰ আগত ক'লে, তাই স্বামীয়ে আন এগৰাকী তিৰোতা বিয়া কৰাইছে।তাই কোনোপধ্যেই সতিনীৰ লগত নাথাকে।ছোৱালী এৰি মাক বাপেকৰ ঘৰলৈ উভতি যাব।

ছোৱালী জনীলৈ চালো।বুকুখন বিষায় গ'ল।মাকে এৰি যোৱা ছোৱালীজনীক মাহী মাকে মৰম কৰিবনে ?

মই তাইক বহুত বুজালোঁ।তাই নুবুজে। তাই আৰু কাম কৰিবলৈ নাহে।ছোৱালী জনীয়ে মোৰ ল'ৰাটোৰ লগত খেলি আছে।ইমান আন্তৰিকতাৰে সিহঁতে খেলিছে। এই অকনমানি
 ছোৱালীজনীয়ে সংসাৰত কি হৈছে একো বুজি পোৱা নাই।

ছোৱালীজনী মোক দি দে।কথাষাৰ কৈ মই সেপ ঢুকিলোঁ।

লেখকৰ পৰিচয়ঃ বিটুমনি কোঁছ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)