জীৱন জীয়াৰ যান্ত্ৰনা-বিটুমনি কোঁছ

©Admin
0
অকলশৰীয়া বৰুৱা বৰুৱানীৰ লগত থাকিবলৈ এজনী ছোৱালীৰ প্ৰয়োজন হৈছে।এই কথাষাৰ হৰিকাইৰ মুখত শুনিবলৈ পোৱা দিন ধৰি জোনাকীৰ মনটো উচপিচাবলৈ ধৰিলে।জীয়েক ৰুনুক ওকনি চোৱাৰ চলেৰে কথাটো কৈহে বুকুখন শাত পৰিল।কেইবাদিনো মুখখন ফুলাই মাকৰ ওপৰত খং কৰি আঁতৰি থকা ৰুনু এদিন বৰুৱা বৰুৱানীৰ ঘৰত শুৱনি হ'লগৈ।এই চেগতে মাক জোনাকী পৰকীয়া প্ৰেমত পৰি ৰিস্কাৱালা মধুকৰৰ লগত পলাই গ'ল।

আইঔ ৰুনু। মানুহ এলেহুৱা হ'ব নালাগে।সদায় সোনকালে উঠিব লাগে।  
  সাদৰী মাতৰ বৰুৱানীৰ মাতত পুৱতি পুৱাৰ পৰাই আৰম্ভ হোৱা কামৰ যাত্ৰা শোৱা পাটিত পৰালৈকে হাত  শুকাবলৈ নাপায়।
মাকৰ কথাবোৰলৈ মনত পৰিলে তাই ভমককৈ খং উঠে। অৱশ্যে বাহিৰৰ পৰা দেখিলে সকলোৱে এই কথাই ক'ব।ৰুনুৰ মুঠেই কাম নাই।আৰামেই আৰাম।বুঢ়া-বুঢ়ী দুটাহে।চহৰত থকা পো-বোৱাৰী বিহুৱে-সংক্ৰান্তীয়েহে আহে।

ৰুনু গোঁসাই ঠাই খন মোহাৰি হ'লনে?চাহ একাপ কৰচোন।
আই ৰুনু অ' মাছৰ টেঙা আঞ্জা খন নমাই বেঙেনা ভাজিবি দেই।আজি মোৰ পদিনাৰ চাটনি খাবলৈ মন গৈ আছে।বনাবি দেই।

আইঔ ৰুনু গা ধুবলৈ গৰম পানী হ'লনে?
আইঔ ৰুনু ফুলৰ টাবত পানী দিয়া হ'লনে?এই ফালে আহ।
ৰাতিপুৱা জলপান, দুপৰীয়া ভাত, আবেলি চাহ ৰুটি।মাজতে বৰুৱা বৰুৱানীৰ ওচৰলৈ আহি থকা আলহীৰ বাবে চাহৰ যোগান।লুচি, ফুলকবি ভাজি ,আলুচপ আদি কৰাবোৰতো  আছেই।তাৰ মাজতেই লৰমাৰি কাপোৰ ধোৱা ।

আইঔ ৰুনু এই বস্তুবোৰত ধূলি মাকতি পৰিলে মোৰ বৰ দুখ লাগে ঔ।এই ধুনীয়া বস্তু বোৰ ডয়িংৰুমত সজাবলৈ বিদেশৰ পৰা অনা হৈছে।সেই বাবে তাই সুখৰ জীৱন যাত্ৰাত সময় নাই অকনমান ৰবলৈ।দিনটো ব্যস্ততাৰ মাজত ৰাতি ৯ মান বজাত টোপনিয়ে হেঁচা মাৰি ধৰিলেও তাই শুৱা হয়গৈ ১১ বজাত।কাৰণ পিছদিনা বৰুৱা বৰুৱানীয়ে পিন্ধিবলৈ কাপোৰ ইস্ত্রি দি থব লাগে, দিনত সময় নাই।

সেই দিনা আবেলি ৪ টা বাজিছে।ৰুনুৱে একান্তমনে চোতালত থকা ফুলজোপাৰ তলখন সাৰিছে।তাই পিন্ধি থকা ভমকা ফুলিয়া ফ্ৰকটো অত ত'ত ফিচিকি গৈছে।তলৰ ডোখৰ উৱঁলি গৈছে।তাই কাষেদি বৰুৱানীক লগ কৰিবলৈ অহা ধুনীয়া মহিলা দুগৰাকীয়ে কথা পাতি গৈছে।যিমানেই আৰামত নাথাকক।এই দুখীয়া ভিকহুবোৰ লেতেৰাই।দেখিছেনে এই ছোৱালীৰ ৰূপটো।বুঢ়া -বুঢ়ী দুটা।কাম আছে কি?অকনমান চাফাহৈ থাকিব নোৱাৰেনে।তাই ঘোপাকৈ মানুহ কেইজনীলৈ চালে।

আহা, আহা।বৰুৱানীয়ে  আদৰ সাদৰে আগবঢ়াই নিয়া চলতে ৰুনুৰ কামটো কৰি হৈছেগৈনে নাই, চকু ফুৰাই গ'ল।

বাইদেউ কেনেকুৱা ধৰণৰ ছোৱালী ৰাখিছে।ইমান লেতেৰা।অ' আমি তাকেই পাতিছোঁ দুইজনীয়ে।আপোনাৰ ঘৰত কাম আছে কি?অলপ চাফাহৈ থাকিব নোৱাৰেনে?

আজি কালি কাম কৰা ছোৱালী এজনী পাবলৈ নাই।ভাগ‍্য ভাল আছিল।ছোৱালী জনী আমাক দি মাকজনী বেলেগ এটালৈ পলাই গ'ল।

অলক্ষিতে বৰুৱানীয়ে কোৱা কথাষাৰ ৰুনুৰ কাণত পৰিল।মা আহিলেই ইয়াৰ পৰা গুছি যামগৈ বুলি সদায় ভাবি থকা কথাষাৰ ভাঙি চিগি টুকুৰা টুকুৰ হৈ পৰিল।হাতৰ ঝাড়ু ডাল খহি পৰিল।

ডিম লাইট জ্বলাই বৰুৱা বৰুৱানী টোপনি গৈছে।তাইৰ টোপনি অহা নাই।আশংকাত তাইৰ মনটো কোঁচ খাই গৈছে।শোকে খুন্দা মাৰি ধৰিছে বুকুখন।গৰম লোতক এসোঁতা বৈ গৈ গাৰুটো চুইছেগৈ।চকু দুটাই ট, টকৈ জ্বলি থকা বাল্বটোলৈ চাই আছে।বাল্বটোৱেও তাই লৈকেই চাই আছে।বাল্বটোৰ দৰেই তাইও  বাকহীন জীৱন জীয়াৰ যান্ত্ৰনাত জ্বলিছে।

বিটুমনি কোঁছ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)