খেল -মনস্বিনী শৰ্মা

Aditi Tanti
0
একেটা চুবুৰীতে থকা কণমাইৰ মাকৰ ঘৰৰ দেউতাকৰ বাৰ্ষিক শ্ৰাদ্ধভাগৰ পৰা বৰতালৰ শব্দ আৰু ভকতৰ হৰিনামৰ ধ্বনি ভাঁহি আহি কণমাইৰ কাণত পৰিছেহি। বৈবাহিক সূত্ৰে কণমাই আৰু যুগলৰ ঘৰ দুখন এক হোৱাৰ ইমান বছৰৰ পিছত আজি গাঁওখনৰ নামঘৰৰ খেলৰ মাজত হোৱা বিচ্ছেদৰ বাবে জন্মদাত্ৰী পিতৃৰ শ্ৰাদ্ধভাগলৈ যাবলৈ সমাজখনে তাইক বাধা দিছে।গুৰুজনাই সমাজখন একত্ৰিত কৰি ৰাখিবলৈ স্থাপন কৰা নামঘৰৰ প্ৰকৃত স্থিতি তেন্তে এয়াই নেকি?কথাবোৰৰ পাৰ নোপোৱা কণমাইৰ দুচকুৰে চকুলো নিগৰি আহিল। 
                                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)