আৰ্তনাদ -ছাইফুদ্দিন আহমেদ

Aditi Tanti
1
আৰ্তজনৰ আৰ্তনাদ সহিব নোৱাৰোঁ ৷ 
যাত্ৰা জীৱনৰ যদি চুটি হয় 
হ’ব দিয়ক !
তথাপিও যিমান পাৰোঁ 
আৰ্তজনক যাম সহায় কৰি ৷
নৈৰ বুকুত নাৱৰীয়াৰ সপোনবোৰ
পাহাৰীয়া ঢলটোৱে উঠোৱাই লৈ 
যোৱাৰ দৰে কাৰ কেতিয়া 
বিদায়ৰ সময় হয় কোনে জানে ?
তথাপিও কিয় যে আৰ্তজনৰ 
আৰ্তনাদৰ প্ৰতি কোনেও কিয় 
লক্ষ্যই কৰিব নিবিচাৰে ?
চুটি জীৱনটোক মোৰ 
চুটি চুটি সহায়তাৰে
আৰ্তজনৰ নামত 
মই উচৰ্গ কৰি দিম !
অসীম লক্ষ্যৰে 
দীপ্তিমান দুচকু মোৰ
আৰ্তজনৰ আশীষেৰে 
সুৱাসীত দেহা-মন মোৰ ৷
যান্ত্ৰিকতাৰ এই যুগত 
নিৰ্মম সময়ৰ পাকচক্ৰক
জয়ী কৰাৰ উত্তম পন্থা 
আৰ্তজনৰ কাষত থিয় দিয়া ৷


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment