পঢ়ি চাবলৈ, মোৰ মনৰ কিতাপখন।
য'ত প্ৰথম পৃষ্ঠাৰ পৰা
অন্তিম পৃষ্ঠালৈকে,
মাথোঁ তুমি, তুমি, তুমি
আৰু তোমাৰেই নাম
খোদিত হৈ আছে ।
নহয় যে ক্ষণভংগুৰ
অনুভূতি এয়া...!
অন্তিম নিশ্বাসলৈকে
প্ৰবাহিত হৈ থাকিব,
বুকুৰ ভিতৰত সোমাই থকা
ৰক্তাশয়ৰ মাজত ।
পৰাজিত হ'বা তুমি
মোৰ একপক্ষীয়
শক্তিশালী অনুভূতিৰ আগত....!
যিমানেই আওকাণ কৰিবা তুমি
সিমানেই বাঢ়ি যাব...
নামানে হাৰ,
তোমাৰ অৱহেলাৰ আগত....
জীৱন যুঁজৰ
ক্লান্ত পথিক যদিও,
পৰিপক্বতাৰ আঁচলত
এতিয়াও সুৰক্ষিত
সেই পৱিত্ৰ , সঁচা, নিভাঁজ অনুভূতিবোৰ মোৰ.....!!
◾সংগীতা মাইনা ডেকা, ৰঙিয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ