মই ভাগৰা নাই- মিনাক্ষী দত্ত

হেৰা বন্ধু , দুহাত মেলি
জানো ভাগৰা নাই  ?
এদিনৰ বাবে হ'লেও দুহাত
নিজৰ বাবে থোৱা  ।
তথাকথিত ডাঙৰ মানুহবোৰৰ বাবে
আৰুনো কিমান কৰিবা  ?
এদিনৰ বাবে তেওঁলোকক নিজৰে দিনলিপি লিখিবলৈ দিয়া  ।
বুজিব দিয়া দিনলিপিৰ 
গূঢ়াৰ্থ কিমান ?
বুজিব দিয়া বগা কাগজত 
কলা চিয়াঁহীৰ শব্দমালাৰ মহত্ব কিমান ,
কিমান শক্তিশালী হ'লে কলমৰ চিয়াঁহীৰে নদী বয় ।
কিমান জ্ঞানৰ গভীৰতাত প্ৰতিনিয়ত
সময়বোৰ বিন্দু বিন্দু কৰি ভগাব পাৰি
সময়ৰ বলুকা ৰাশিত পদচিহ্ন
 অকাঁৰ মূল্যই বা কিমান ?
 বুজিবলৈ দিয়া সিহঁতক 
কিমান শোষিত , নিস্পেষিত , প্ৰতাৰিত হ'লে
ক্ষোভত আতুৰ হয় পৰাণ ।
বুজিব দিয়া এমুঠি অন্ন , বস্ত্ৰ আৰু 
এটি সুৰক্ষিত নিলয়ৰ প্ৰয়োজনীয়তা কিমান ?
জানক দিয়া , জুই , ধোঁৱা আৰু বন্ধ কোঠাৰ 
গৰম বতাহৰ উষ্ণতা কিমান ?
হেৰা বন্ধু , বন্ধ কোঠালীত
নিজেই নিজকে প্ৰোথিত নকৰি 
ওলাই অহাৰ প্ৰয়াস কৰা
উদিত সূৰ্য্যক ক'লা ডাৱৰে
সদায় কিমান ঢাকিব  ?
সূৰুযৰ তাপত 
কলিয়া ডাৱৰবোৰ আতঁৰি যাব ।
            

মিনাক্ষী দত্ত ।
ধেমাজি (মাছখোৱা)

Post a Comment

Previous Post Next Post