শেষ ভালেই সকলো ভাল-অঞ্জনা শইকীয়া

"ইছ্ ৰাম তোমাৰ কাণ দুয়োখনৰে দেখোন পৰ্দা ফাটিলে; ভিতৰতো গোটেই পূঁজ আছে ; কেনেকৈ হ'বলৈ পালে" ডক্তৰৰ কথাষাৰ শেষ হ'বলৈ নাপাওঁতেই ৰাণুৰ দেউতাকে সুধিলে " চাৰ কাণৰ পৰ্দা ফাটিলে তাইৰ শুনাত কিবা অসুবিধা হ'ব নেকি? " নিশ্চয়, কাণৰ পৰ্দাইটো মেইন তাত ফুটা ওলালে শুনাত অসুবিধা হ'বই "।
          ৰাণুৰ আৰু শুনাৰ ধৈৰ্য নহ'ল ! তাইৰ মূৰত যেন ব্ৰজপাতহে খহি পৰিল ! তাইৰ বুকুৱেদি যেন গুজৰি-গুমৰি বৰলুইতে পাৰ ভাঙি উফন্দি উঠিছে ; বুকুৰ ভিতৰৰ ঢৌৱে যেন আজি তাইৰ সকলোবোৰ ধুৱাই নিব। তাই ভিতৰি ভিতৰি ভাগি পৰিল, হে ভগৱান কিয় এনেকুৱা কৰিলা ? কি ভুলৰ শাস্তি এইয়া ? তাই চিৰ দিনলে নুশুনা হৈ যাব,সকলোৱে তাইক ঠাট্টা কৰিব ! ইতিকিং কৰিব ! বিয়াৰ এবছৰ নহওঁতেই তাইৰ এনেকুৱা হ'ল নতুন ঘৰখনে তাইৰ মানুহজনে জানো তাইক আৰু সহজে ল'ব ? তাইৰ এই দুখবোৰ দেখি তাইৰ মাক দেউতাকে গোটেই জীৱন কষ্টত কটাব লাগিব ! তাইৰ মূৰটো অাচন্দ্ৰাই কৰি উঠিল হিয়া উজাৰি কান্দিব মন গ'ল তাইৰ...!!!
                 যিমানে ঘৰৰ ওচৰ চাপিছে তাইৰ বুকুৰ ঢপ্ ঢপনি বাঢ়িব ধৰিছে...তাইৰ বাবে বাট চাই ৰৈ থকা আপোন মানুহবোৰক তাই কেনেকৈ ক'ব যে তাই আৰু কোনোদিন কাণেৰে নুশুনে !!! তেওঁলোকৰ কথাৰ আমোদ লৈ হাঁহিব আৰু কোনোদিনে নোৱাৰিব !! বাৰান্দাত ৰৈ থকা মাক আৰু নবৌৱেকক দেখি তাই ফেঁকুৰি উঠিল...‌ !!!
                বিপদৰ সময়ত তাইক সকলোৱে সাহস দিলে, বুজালে তাইক উন্নত চিকিৎসা কৰাম বুলি প্ৰতিশ্ৰুতি দিলে। কোনোৱে তাইক অকলশৰীয়া কৰি নাৰাখি বন্ধু সুলভ মনেৰে তাইৰ মনটোক সুস্থ কৰি তুলিলে। সকলোৰে অশেষ সাহস, মৰম আৰু পৰিচৰ্যাই ৰাণুক সোনকালেই সুস্থ কৰি তুলিলে।

         

Post a Comment

Previous Post Next Post