দহ মাহ দহ দিন তোমাৰ গৰ্ভত
ল'লোহি থিতাপি
কিন্তু মোক নিদিবা জনম
মই যে এটি কন্যা সন্তান।
কোনেও যে নিবিচাৰে তোমাৰ পৰা
এটি কন্যা সন্তান,
কত যে দুখ সহিব লগা হৈছে
আই মোৰ বাবে ,
মোক নিদিবা জনম
মই যে এটি কন্যা সন্তান ।
মোৰ আগমনত যে তুমি হেৰুৱাব লাগিব ওঁঠৰ হাঁহি,
অন্ধকাৰে ঠাই ল'ব তোমাৰ জীৱনত
আৰু আই !
জীৱনৰ কালছোৱাত বহুতো যন্ত্ৰণা
ঋতুৰ দৰেই সলনি কৰিব
তোমাৰ অস্তিত্ব
তোমাৰ সুখ-দুখৰ সমভাগি বুজ ল'বলৈও
কোনেও নাহিব ।
প্ৰতিটো ক্ষণেই যন্ত্ৰণাৰ মাজত ভুগিব লাগিব,
কেৱল মোৰ বাবে !
সেইহে কৈছোঁ
জন্ম নিদিবা মোক আই
কাৰণ,
মই যে এটি কন্যা সন্তান।