অনুশীলন জীৱন আৰু মই -তৃষ্ণা দত্ত

Aditi Tanti
0
নিঃস্তব্ধ প্ৰেমৰ সাতুৰঙী পোহৰত.....
অনুশীলন এটি জীৱন।
অৰ্ধদমিত হেঙুলীয়া ৰংবোৰ 
মোৰ জীৱন আৰু যৌৱন।।
প্ৰেম বিৰহৰ কাৰুণতাই যেন 
হেপাঁহৰ দৰদী মন।
আকাশৰ ৰামধেনু আৰু ডাৱৰবোৰ.....
সুস্পষ্ট জোনাকীৰ আৱৰণ।।
আন্ধাৰে ঢকা মোৰ জীৱনৰ ৰঙবোৰ.........
হেৰাই গ'ল মৃত্যুৰ নামত।
নিষ্ঠুৰ নিয়তিৰ অসহায় কান্দোনত........
উঠিছে ঢৌ সাগৰত।।
মাটিৰ ৰঙৰ কপালত লিখা আছে বহুতো......
অকা-বকা মৰণৰ লেখা।
মানৱী কৰ্মৰ ফল পুনৰ 
এবাৰ জনমত....
তুমি আহি দিবা জানো দেখা।।
সেউজী অসমী আহিনৰ পথাৰত.......
শ্যামলী বৰণ শোভা।
পাতিলৈ ৰাজধানী
 উৎফুল্লিত মনে কম....
এই দেশৰ ময়েই ৰজা গোভা।।


🔴তৃষ্ণা দত্ত


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)