বহুত দিন হল তোমাৰ খবৰ পোৱা নাই।হয়তো তুমি নিজৰ কামত ব্যস্ত হৈ পৰিছা।প্ৰাইভেট কামত যথেষ্ট কষ্ট হয় যদিও এতিয়া এনেবোৰ কামেই কৰিব লাগিব।তাৰ কাৰণে মনত দুখ নকৰিবা।আমি যিখন দেশত জন্ম গ্ৰহণ কৰিছো সেইখন দেশ মানুহৰ দেশ।এইখন দেশত হেজাৰ হেজাৰ মানুহে পঢ়া শুনা কৰে।তাৰে কেইজনমানেহে চৰকাৰী পদবী লাভ কৰে।কʼবলৈ গ'লে কামৰ সৰু বৰ নাই,যিদৰে নদীৰ সৰু বৰ নাই।ময়ো মোৰ কামত ব্যস্ত হৈ আছো।আজিৰ দিনত নিজৰ কাম নিজে কৰিব লাগিব।এনেবোৰ ভাৱ মনলৈ আনিব নালাগে।
ভাগ্য বুলি কথা এষাৰ আছে।সকলোৰে কপাল একে নহয়।কিছুমানৰ ভাগ্য বিধাতাই সুন্দৰ ৰূপ দিয়ে।অৱশ্যে ময়ো নিজৰ কামখিনিকে লৈয়ে ব্যস্ত।কিয়নো কৰ্মই ধৰ্ম বুলি কব পাৰি।
তুমি সময় পালে আমাৰ ফালে এপাক আহিবা বুলি আশা কৰিছো।
ইতি
তোমাৰ নীলা।
গুৱাহাটী,পানবজাৰ।
তাৰিখ২৬/৫/২০২২.