নিদ্ৰাহীন নিশা-দিপশিখা ৰাজকোঁৱৰ

বুকুৰ মাজত সযতনে
গোপনে ৰখা কথাবোৰ আজি
একেবাৰেই অৰ্থহীন হৈ পৰিল
কবিতাৰ ভাষাবোৰো ক'ব নোৱাৰাকৈ
মৰ্মান্তিক হৈ পৰিল
আনক বুজনি দি 
নিজেই আজি অবুজন হ'লো।
নিয়ৰত সেমেকি যোৱা
অভিমানীৰ প্ৰাণোচ্ছল হাঁহি
সৰাপাতৰ দৰে .....
মৰহি গ'ল অজানিতেই 
য'ত কণমানো সুৱাস 
বিয়পি থকা নাই।
নিদ্ৰাহীন নিশাবোৰ উজাগৰে কটাইছো
বহু ৰাতিলৈ বিছনাত
ছটফটাই থাকোঁ..... ... 
খিৰিকী খুলি এবাৰ
জোনটোলৈ চাই হাঁহিবলৈ
প্ৰয়াস কৰিও হাঁহিব নোৱাৰোঁ।
জোনটোৱে ভাৱে চাগে
মই অভিমান কৰিছোঁ বুলি।
নিদ্ৰাহীন নিশা মোৰ
দুচকুৰে ঢল বাগৰি 
শিতানৰ গাৰু তিতে
অভিমানত দুটি ওঁঠ কপি উঠে।
তেনেকৈয়ে সময়বোৰ গুছি যায়
মাথোঁ থাকি যায়
বহীৰ পৃষ্ঠাত অনুভূতিৰ অনুভৱ
আৰু দুটোপাল অভিমানৰ চকুলো
নিদ্ৰাহীন নিশাত মৌনতাই 
কৈ যায় বহু কথা
শূণ্যতাখিনিয়ে অভিমানী হিয়াখন
দুগুণে অভিমানী কৰি তোলে।
বহুত কষ্ট কৰিও
নিদ্ৰাহীন নিশাবোৰ
উমান ৰ'দৰ এচেৰেঙা পোহৰৰ দৰে
হালধীয়া কৰিব খুজিওঁ
অভিমান কৰি ৰৈ যাওঁ
নিদ্ৰাহীন নিশাবোৰ মোৰ
তেনেকৈয়ে পাৰ হয়।।

দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

Previous Post Next Post