ইন্দো-ইউৰোপীয় ভাষা পৰিয়াল-যদুমণি দাস

Rinku Rajowar
0
পাতনি :-           
           
             মানৱ সভ্যতাৰ ক্ৰমবিকাশে পৃথিৱীত জাতি-উপজাতি সৃষ্টি কৰিলে, সমাজ সংগঠন হ'ল, সংস্কৃতিৰ বাতাবৰণৰ  পৰিসীমা বিস্তৃত হ'ল। বিশেষ বিশেষ ভৌগোলিক পৰিবেষ্টনত একো একোটা নিৰ্দিষ্ট ভাষাৰ প্ৰচলন হ'ব ধৰিলে। সেয়ে ভাষা বিজ্ঞানীসকলে ভাষাতাত্ত্বিক অধ্যয়ন কৰি ভাষাৰ মাজত ধ্বনিগত, ৰূপগত , শব্দগত, বাক্যগত আদি ওপৰত নিৰ্ভৰ কৰি আৰু সু-বিশ্লেষণৰ জৰিয়তে পৃথিৱীৰ ভাষাসমূহক কেইটামান নিৰ্দিষ্ট ভাগত বিভক্ত কৰা হৈছে। সেই ভাষাগোষ্ঠী বা পৰিয়ালসমূহ হ'ল- ইন্দো-ইউৰোপীয়, ছেমীয়-হেমীয়, চীন-তিব্বতীয়, অষ্টিক, দ্ৰাবিড়, ইউৰাল-আলটাই, ককেচীয়, এস্কিমো, আমেৰিকীয়, আফ্ৰিকাৰ আদিম ভাষা, অষ্টেলীয়াৰ আদিম ভাষা আৰু উত্তৰ-পূৰ্ব সীমান্তৰ      আদি ভাষা পৰিয়াল। এই ভাষা পৰিয়াল সমূহৰ ভিতৰত ইন্দো-ইউৰোপীয় পৰিয়ালটো পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়াল । পৃথিৱীৰ সৰ্বাধিক ঠাইত প্ৰচলিত ভাষাবোৰ এই পৰিয়ালত অন্তৰ্গত।
             ' ইন্দো-ইউৰোপীয় ' নামাকৰণৰ মূলতে হ'ল এই ভাষাগোষ্ঠী ইউৰোপৰ বিভিন্ন ঠাইৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষ  পৰ্যন্ত বিয়পি আছে। ৰাস্ক, গ্ৰিম, বপ আদি পণ্ডিতসকলে ইন্দো-ইউৰোপীয় ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়ন কৰে । ইয়াৰ অধ্যয়ন প্ৰথমে গ্ৰীচ দেশতে হয় । ' ইন্দো-ইউৰোপীয় ' শব্দটো বাহিৰেও ইন্দো জাৰ্মানীয় আৰু ভাৰতীয় আৰ্য (মেক্সমুলাৰ মতে) আদি নামেৰও এই ভাষাগোষ্ঠী বুজোৱা হয়। পাছত ' ইন্দো-ইউৰোপীয় ' শব্দটো সৰ্বজনগ্ৰাহী হৈ পৰে । এই নামটো উদ্ভাৱন কৰিছিল থমাছ য়ুঙ নামৰ ভাষাবিদ এজনে।

ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ শ্ৰেণী বিভাজন :

         
          পৃথিৱীৰ বৰ্গীকৃত ভাষা পৰিয়ালৰ ভিতৰত ইন্দো-ইউৰোপীয় ভাষাগোষ্ঠীকে সৰ্ববৃহৎ ৰূপে প্ৰতিপন্ন কৰা হৈছে। ভৌগোলিক সীমাৰেখাৰ ক্ষেত্ৰতো এই ভাষাৰ বহু প্ৰচলন আৰু ব্যাপকতা  পৰিলক্ষিত হয়। ইউৰোপ মহাদেশৰ বহুতো অঞ্চল যেনে- আফগানিস্তান, বেলুচিস্তান, পাকিস্তান আৰু ভাৰতবৰ্ষৰ বহু অঞ্চলত এই ভাষাৰ প্ৰচলন দেখা যায়। পৃথিৱীৰ অন্যান্য ভাষাৰ তুলনাত ই উন্নত ভাষা পৰিয়াল। ভাষা বিজ্ঞানীসকলে এই ভাষা পৰিয়ালক বিজ্ঞানসন্মত ভাৱে দুটা প্ৰধান ভাগত বিভক্ত কৰিছে - শতম(Satom) আৰু কেণ্টোম(Centum) । এই ভাগ দুটাক আকৌ কিছুমান শাখাত বিভক্ত কৰা পৰিলক্ষিত হয় ।শতম শাখাৰ ভাগ সমূহ হ'ল- ইন্দো ইৰাণীয়, আৰ্মেনীয়, আলবেনীয় আৰু বাল্টোস্লাৱীয় । আনহাতে কেণ্টোম শাখাৰ ভাগসমূহ হ'ল- গ্ৰীক, ইটালীয়, জাৰ্মানীয়, কেল্টীয় আৰু তোখাৰীয় ।

শতম শাখা:

ক) ইন্দো-ইৰাণীয়:-  বৃহৎ ইন্দো-ইউৰোপীয় ভাষাৰ শতম শাখাৰ অন্যতম  এক ভাষা হ'ল - ইন্দো-ইৰাণীয় । এই ভাষাই কিছুমান  অতি প্ৰাচীন ভাষাগত নিদৰ্শণ সংৰক্ষণ কৰিছে।  এই শাখাৰ ভাষাবোৰ প্ৰধানভাৱে- ভাৰতবৰ্ষ, ইৰাণ, আফগানিস্তান, পাকিস্তান, বাংলাদেশ আদিত প্ৰচলিত। এই শাখাটোক ' আৰ্য ' নামেৰেও বুজোৱা হয়। কিন্তু দৰাচলতে  'ইন্দো-ইৰাণীয় ' ভাষাৰ উপশাখাৰ এটাকহে ' আৰ্য ' নামেৰে জনা যায় । ইন্দো-ইৰাণীয় ভাষাক দুটা প্ৰধান ভাগত বিভক্ত কৰা দেখা যায় । সেয়া হ'ল - ইৰাণীয় আৰু ভাৰতীয় আৰ্য ।  এই ভাগ কেইটাক আকৌ কিছুমান উপভাগত  ভাগ কৰিছে । ইৰাণীয় ভাগ কেইটা হ'ল - আৱেস্তীয় আৰু প্ৰাচীন প্ৰাৰ্চী । ভাৰতীয় আৰ্য ভাগ কেইটা হ'ল - প্ৰাচীন ভাৰতীয় আৰ্য, মধ্য ভাৰতীয় আৰ্য, নৱ্য ভাৰতীয় আৰ্য ।

খ) আৰ্মেনীয়:-  শতম শাখাৰ অন্যতম এটা ভাগ হ'ল - আৰ্মেনীয় । এই ভাষাটো খ্ৰী:পূ: সপ্তম/অষ্টম শতিকাৰ মানৰ পৰাই প্ৰচলিত আছিল । অৱশ্যে এই ভাষা ঐতিহ্য আৰু প্ৰাচীনত্বৰ ফালৰ পৰা উল্লেখযোগ্য নহয় । ইন্দো- হিট্টী ভাষাৰ কিছুমান অৱশিষ্ট  এই  আৰ্মেনীয় ভাষাত পোৱা যায় । পাৰ্চী, ইৰাণীয় ভাষাৰ শব্দাৱলী এই ভাষাত সোমাই পৰিছে । খৃষ্ট্ৰীয় পঞ্চম শতিকাত এই ভাষালৈ বাইবেলৰ অনুবাদ পোৱা যায় আৰু এই ভাষাৰ ইয়ে প্ৰাচীন নিদৰ্শন বুলি জনা যায়। আৰ্মেনীয় ভাষাৰ প্ৰাচীন সমলবোৰ '  কনেইফ'ম ' শিলালিপিত লিখা হৈছিল । আধুনিক আৰ্মেনীয়ক দুটা ভাগত ভাগ কৰা হৈছে - পূৰ্ব শাখা আৰু পশ্চিম শাখা ।এছিয়াত প্ৰচলিত ' আৰাৰাত ' আৰু ইউৰোপত প্ৰচলিত ' ষ্টাম্বুল ' ভাষা আৰ্মেনীয় ভাষাৰ পৰা সৃষ্টি হোৱা দুটা আধুনিক ভাষা । প্ৰাচীন আৰ্মেনীয় সাহিত্য মুখাতঃ খ্ৰীষ্টান ধৰ্মৰ লগত জড়িত । ইয়াৰোপৰি এই শাখাৰ ভাষাত ২০০০ মান খাচ ইৰাণীয় ভাষাৰ শব্দ ব্যৱহাৰ হয় আৰু এইবোৰ ইতিহাস বিভিন্ন সময়ত আৰ্মেনীয় ভাষাই গ্ৰহণ কৰি আহিছে ।

গ) আলবেনীয়:-  বৃহৎ ইন্দো-ইউৰোপীয় ভাষাৰ শতম শাখাৰ ভিতৰত আলবেনীয় অন্যতম । এই শাখাৰ ভাষা উত্তৰ গ্ৰীচৰ আদ্ৰিয়াটিক সাগৰৰ পূৰ্ব উপকূলৰ আলবেনীয়াত প্ৰচলিত । তদুপৰি যুগোশ্লাভিয়াতো এই ভাষাৰ প্ৰচলন আছে । এই শাখাক ইল্লিৰিয়ান(Illirians) আখ্যাও দিয়া হয় । আলবেনীয় ভাষাত লিখিত নিদৰ্শন ১৪৬২খ্ৰী:ৰ পৰা পোৱা যায় যদিও সুস্পষ্ট নিদৰ্শন পোৱা যায় বাইবেল অনুবাদ কৰাৰ পৰাহে ।
           এই ভাষাৰ বিশেষ বৈশিষ্ট্য হ'ল - ইয়াৰ শব্দ সম্ভাৰত গ্ৰীক, লেটিন , তুৰ্কী আদি শব্দৰ বিপুল পয়োভৰ । এই ভাষা ইন্দো-ইউৰোপীয় ভাষাসমূহৰে ভিতৰত আটাইতকৈ বিকৃতি প্ৰাপ্ত ভাষা । এই ভাষাৰ দুটা প্ৰধান ভাগ হ'ল - এপিৰত আৰু ইল্লিৰিয়ান ।  প্ৰতিটো ভাগকে কিছুমান সৰু  সৰু ভাগত ভাগ কৰা হয় । এপিৰতক দুটা ভাগত ভাগ কৰিছে, সেয়া হ'ল - মেচাপীয় আৰু আধুনিক আলবেনীয় । আকৌ আধুনিক আলবেনীয়ক চাৰিটা ভাগত ভাগ কৰিছে - ঘগ, তস্ক, গাইকো, আৰু কালাব্ৰীয় । ইল্লিৰিয়ান শাখাটোকো দুটা ভাগত ভাগ কৰিছে - ডেনিটিয়ান আৰু লিবুৰনিয়ান ।

ঘ) বাল্টো- স্লাৱীয়:-  বাল্টো- স্লাৱীয় শাখাৰ ভাষা পূৰ্ব ইউৰোপৰ বৃহৎ অঞ্চল জুৰি আছে । ই দুটা শাখাত বিভক্ত - বাল্টীয় আৰু স্লাৱীয় । প্ৰতিটো শাখাক আকৌ তিনিটাকৈ ভাগ কৰা হৈছে । বাল্টীয় শাখাৰ ভাগ সমূহ হ'ল - প্ৰাচীন প্ৰোচীয়, লিথুনীয়  আৰু  লেট বা লেত্তীয় । আৰু স্লাৱীয় শাখাৰ ভাগ সমূহ হ'ল - পূৰ্ব স্লাৱীয়, পশ্চিম স্লাৱীয় আৰু দক্ষিণ স্লাৱীয় । খৃষ্ট্ৰীয় ষোড়শ শতিকাৰ মাজভাগত এই ভাষাবোৰৰ নিদৰ্শন পোৱা যায় । এই ভাষাসমূহ লিথুয়ানিয়া, বুলগেৰিয়া, যুগোশ্লাভিয়া, এছিয়াৰ উপকূলীয় অঞ্চলত, ৰুছিয়া, পোলেণ্ড, ছোভিয়েট আদিত প্ৰচলন হোৱা দেখা যায় ।খ্ৰী:পূ: নৱম শতিকাতেই বুলগেৰীয় ভাষাত বাইবেল অনুবাদ কৰা হয় ।

কেণ্টোম শাখা:

ক) গ্ৰীক:-  গ্ৰীক ভাষা ইন্দো-ইউৰোপীয় কেণ্টোম স্তৰৰ এটি উল্লেখযোগ্য শাখাৰ ভাষা ।গ্ৰীচ, এছিয়া, মাইনৰ ইজিপ্তৰ কিছু অংশসহ স্পেইনৰ পৰা আৰম্ভ কৰি কৃষ্ণসাগৰৰ উপকূলৱতী অঞ্চলত গ্ৰীক ভাষাৰ প্ৰচলন আছে । ইয়াৰোপৰি  - চাইপ্লাচ, ক্ৰীট, আলবেনীয়, এছীয় দ্বীপপুঞ্জ, তুৰস্কৰ কিছু অংশ, বুলগেৰীয়াৰ দক্ষিণ - পশ্চিম অংশ, যুগোশ্লাভিয়াৰ দক্ষিণ অংশ আদিত গ্ৰীক ভাষাৰ প্ৰচলন আছে । 
            গ্ৰীক ভাষাৰ ভিতৰত এট্ৰিক, আয়োনিক,  ডোৰিক, আৰ্কেডীয়, এওলীক, পোম্ফেলিয়া আদি প্ৰধান উপশাখা ভাষা । এই উপশাখা ভাষাবোৰ খ্ৰী:পূ: চতুদৰ্শ শতাব্দীত ক্ৰীট দ্বীপত উদ্ধাৰ হোৱা প্ৰত্নলেখক সকলে গ্ৰীক ভাষাৰ প্ৰাচীনতম নিদৰ্শন ৰূপে হোমাৰৰ ' ইলিয়াড ' আৰু ' ' ওদিছী ' মহাকাব্য নাম উল্লেখ কৰিব পাৰি । গ্ৰীক ভাষাক ' হেলনিক ' আৰু ' হোমাৰীয় স্তৰ ' বুলিও আখ্যা দিয়া হয় ।

খ) ইটালীয়:-  ইন্দো-ইউৰোপীয় ভাষাৰ পৰিয়ালৰ এটা গুৰুত্বপূৰ্ণ শাখা হ'ল - ইটালীয় ভাষা ।  প্ৰধানভাৱে ইটালীত প্ৰচলিত ভাষাই হ'ল - ইটালীয় ভাষা । ইটালীয় শাখা ভাষাক তিনিটা ভাগত বিভক্ত কৰা হৈছে - লেটিন, ওচকান আৰু উমব্ৰিয়ান । খ্ৰী:পূ: ষষ্ঠ শতাব্দীৰ পৰাই লেটিনৰ লিখিত নিদৰ্শন পোৱা যায় । তেতিয়াই পৰাই ইটালীয় বা ৰোমাঞ্চ (Romance) ভাষাবোৰ জন্ম হয় । ইয়াৰোপৰি ইটালীত প্ৰচলিত ইটালীয় ভাষাৰ ভিতৰত টুছকান, ভেনেছীয়, ৰোমান, ছিছিলীয় আৰু নেয়পলিটান আদি প্ৰধান ।

গ) জাৰ্মানীয়:-  ইন্দো-ইউৰোপীয় ভাষাৰ কেণ্টম শাখাৰ ভিতৰত জাৰ্মানীয় অন্যতম । জাৰ্মানীয় লেখকসকল প্ৰচীন কালৰে পৰা পৰিচিত আছিল । গোথিক ভাষাত খৃষ্ট্ৰীয় ৪ৰ্থ শতিকাত ৰচিত বাইবেলৰ অনুবাদেই এই শাখাৰ ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলিব পাৰি । ইয়াৰ পাছৰে পৰাই জাৰ্মানীয় শাখাৰ বিভিন্ন ভাষাৰ বিকাশ হয় । এই শাখা ভাষাটোক ' টিউটনীয় ' বুলিও কোৱা হয় । জনসংখ্যা বৃদ্ধিৰ ফলত এই শাখাৰ লোকসকল ইউৰোপৰ বিভিন্ন ঠাইত বিয়পি পৰে । ফ্ৰান্স, ইটালী, স্পেইন, বৃটিছ দ্বীপপুঞ্জ আদি ঠাইলৈ এই শাখাৰ লোকসকল  বিয়পি পৰে । জাৰ্মানীয় শাখাৰ ভাষাটোক তিনিটা ভাগত বিভক্ত কৰা হৈছে । সেয়া হ'ল - পূৰ্ব জাৰ্মানীয়, উত্তৰ জাৰ্মানীয় আৰু পশ্চিম জাৰ্মানীয়। পূৰ্ব জাৰ্মানীয় ভাষাসমূহ বিলুপ্ত হৈছে । পশ্চিম জাৰ্মানীয় অন্তৰ্গত ভাষাসমূহ হ'ল - ইংৰাজী , জাৰ্মান, ওলণ্ডাজ ইত্যাদি । আৰু উত্তৰ জাৰ্মানীয় ভাষাসমূহ হ'ল - স্কান্দিনেভীয় বুলি আখ্যা দিয়া হয় । 

ঘ) কেল্টীয়:-  ইন্দো-ইউৰোপীয় কেণ্টোম স্তৰৰ এটি উল্লেখযোগ্য শাখাৰ ভাষা হ'ল - কেল্টীয় শাখা । মধ্য আৰু পশ্চিম ইউৰোপ, এছিয়া মাইনৰলৈকে এই শাখাৰ ভাষা বিয়পি আছে । এই শাখা তিনিটা ভাগ হ'ল - গোলিশ, বটেনীয় আৰু গেলীয় । গোলিশ উপভাখা ভাষাসমূহ বৰ্তমান ফ্ৰান্স, ইটালী, মধ্য ইউৰোপ আৰু এছিয়াত প্ৰচলন আছিল যদিও বৰ্তমান ইয়াৰ প্ৰচলনৰ নিদৰ্শন পোৱা নাযায় । বৃটেনীয় উপশাখা ভাষাসমূহ হ'ল - ৱেলছ, বৃটন আৰু কোনিচ । ইয়াৰ প্ৰাচীনতম নিদৰ্শন অষ্টম শতিকা লৈকেহে পোৱা যায় । আৰু গেলীয় উপশাখাৰ প্ৰধান ভাগ তিনিটা হ'ল - আইৰিচ, স্কটিছ আৰু মানস্ক ।

(ঙ) তোখাৰীয়:-  এই ভাষাৰ আৱিষ্কাৰ বিংশ শতিকাৰ প্ৰথম ভাগত হয়।মধ্য এছিয়াৰ চিনীয় তুৰ্কীস্থানত ব্ৰাহ্মী আৰু খাৰুষ্টি লিপিত লিখা কিছু প্ৰত্ন লেখ আৱিষ্কৃত হয়। এই শাখাৰ দুটা ভাগ হল -- পূৰ্ব তুখাৰীয় আৰু পশ্চিম তোখাৰীয়।ইয়াৰ কোনো আধুনিক ৰূপ পোৱা পৰিলক্ষিত নহয়।এই ভাষা তুখাৰ নামৰ জাতিৰ আছিল বাবেই ' তোখাৰীয়' নামে চিহ্নিত কৰা হৈছে। তুখাৰ জাতিৰ লোকসকল মধ্য এছিয়াৰ বাসিন্দা আছিল আৰু তেওঁলোক খ্ৰীষ্ট পূৰ্ব দ্বিতীয় শতাব্দীৰ পৰা খ্ৰীষ্টিয় সপ্তম শতাব্দী পৰ্যন্ত ৰাজত্ব কৰা বুলি অনুমান কৰা হয়।

ইণ্ডো - ইউৰোপীয় ভাষা পৰিয়ালৰ মহত্ব:- 
-----------------------------------

         (ক) ইণ্ডো - ইউৰোপীয় পৰিয়ালৰ ভাষা পৃথিৱীৰ প্ৰায় ঠাইতে পোৱা যায়।অৰ্থাৎ এই পৰিয়ালৰ বিস্তৃতি অধিক।
         (খ) জনসংখ্যাৰ দৃষ্টিৰে এই পৰিয়ালৰ ভাষা কোৱা মানুহ সৰহ
         (গ) এই পৰিয়ালটি প্ৰাচীন সাহিত্যৰ সমৃদ্ধ। সংস্কৃত,গ্ৰীক, লেটিন আদি ভাষাত এই সাহিত্যৰাজি পোৱা যায়।অৰ্থাৎ সাহিত্যিক দৃষ্টিয়েও এই পৰিয়াল সমৃদ্ধ আৰু এই পৰিয়ালৰ পৰা উদ্ভৱ হোৱা ইংৰাজী, জাৰ্মান, ফৰাচী, ইটালীয়,ৰুছ,বাংলা,হিন্দী আদি ভাষাত সাহিত্য আৰু বিজ্ঞানকে ধৰি জ্ঞান - বিজ্ঞানৰ বিবিধ আলোচনা পোৱা যাই।
         (ঘ) ভাষা বিজ্ঞানৰ দৃষ্টিৰেও এই পৰিয়ালটি মহত্বপূৰ্ণ। এই পৰিয়ালৰ ভাষাৰ মাজত ভাষা অধ্যয়ন যিমান হৈছে, আন পৰিয়ালৰ ভাষাত হোৱা নাই।প্ৰকৃততে ভাষাবিজ্ঞানৰ আৰম্ভ এই পৰিয়ালৰ ভাষাৰ অধ্যয়ন মাজেৰে হৈছে।
         (ঙ) ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ মহত্ত্বৰ অন্যতম কাৰণ হল - এই ভাষা ব্যৱহাৰিক ৰাজনৈতিক প্ৰভাৱ। ইউৰোপীয় বিভিন্ন দেশে পৃথিৱীৰ বহুত ঠাইত উপনিবেশ স্থাপন কৰিছিল। স্বাভাৱিকতেই উপনিবেশ বোৰ শাসক গোষ্ঠীৰ ভাষাই প্ৰভাৱ বিস্তাৰ কৰিছিল। উত্তৰ আমেৰিকাত ইংৰাজী,ফৰাচী আৰু দক্ষিণ আমৰিকাত স্পেনিছ আৰু পতুৰ্গল,  দক্ষিণ আফ্ৰিকা,অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ভাৰতবৰ্ষত ইংৰাজী ভাষাৰ প্ৰসাৰ ৰাজনৈতিক কাৰণেই হৈছিল।

ইণ্ডো ইউৰোপীয় ভাষাৰ পৰিয়ালৰ বৈশিষ্ঠ :- 
------------------------------------

          (ক) ইণ্ডো ইউৰোপীয় মূল ভাষা আছিল - শ্লিষ্ঠ যোগাত্মক।
          (খ) প্ৰত্যয় প্ৰধান ভাষা ।
          (গ) মুখ্যতঃ ধাতুৰ পৰাই শব্দ নিষ্পন্ন হৈছিল। সংস্কৃতত এই বৈশিষ্ঠ প্ৰায়ে দেখা যায়।
          (ঘ) লিংগ তিনি প্রকাৰৰ - পুলিংগ, স্ত্ৰী লিংগ আৰু ক্লীৱ লিংগ ।
          (ঙ) বচন  তিনি প্ৰকাৰৰ - একবচন, বহু বচন আৰু দ্বিবচন।
          (চ) পুৰুষ আছিল তিনিটা - উত্তম, মধ্যম আৰু  প্ৰথম।
          (ছ) আঠ প্ৰকাৰৰ বিভক্তি আছিল। সংস্কৃত ভাষাত এই আঠ প্ৰকাৰ পোৱা যায়। গ্ৰীক আৰু লেটিনত ইয়াৰ কিছুমান বিভক্তি পোৱা যায়।  যেনে - লেটিনত  কৰণ আৰু অধিকৰণ কাৰকৰ তৃতীয় আৰু সপ্তমী বিভক্তি নাছিল।
          (ঝ) অব্যশ্রোটিৰ ব্যৱহাৰ এই পৰিয়ালৰ আন এটি বৈশিষ্ট্য ।
          (ঞ)  আদি ইণ্ডো ইউৰোপীয় ভাষা সংগীতাত্মক আছিল আৰু সেইজনেই উদাত্ত আদি স্বৰৰ প্ৰয়োগে বহু সময়ত অৰ্থবোধত সহায় কৰিছিল। বৈদিক মন্ত্ৰই ইয়াৰ উদাহৰণ: বৈদিক মন্ত্ৰ উচ্চাৰণত উদাত্ত, অনুদাত্ত আৰু স্ববিত্ত - ইয়াৰ প্ৰয়োগ আৱশ্যকীয়।


সামৰণি:- 
          
            পৃথিৱীৰ বিভিন্ন ভাষা পৰিয়ালৰ মাজৰ প্ৰথমেই উল্লেখযোগ্য পৰিয়াল হ'ল - ইণ্ডো ইউৰোপীয় ভাষা গোষ্ঠী। কাৰণ এই পৰিয়ালৰ ভাষাৰ প্ৰাচীন সাহিত্য অতি সমৃদ্ধ । এই ভাষা গোষ্ঠীৰ পৰা উদ্ধাৰ হোৱা বিহু সংখ্যক আধুনিক ভাষাৰ (ইংৰাজী, জাৰ্মান, ফৰাচী, ইটালীয়, বাংলা, হিন্দী আদি) সাহিত্যিক তথা বৈজ্ঞানিক সমৃদ্ধি অতি বিস্ময়কৰ । লগতে এই পৰিয়ালৰ ভাষা গোষ্ঠী জনগোষ্ঠীৰ বহু সংখ্যক ৰাজনৈতিক তথা অৰ্থনৈতিক প্ৰতিপত্তি লাভ কৰিছে। এইবোৰ কাৰণতে ইণ্ডো ইউৰোপীয় পৰিয়ালটি পৃথিৱীৰ আনবোৰ পৰিয়ালতকৈ গুৰুত্বপূৰ্ণ। 

✍️শ্ৰী যদুমণি দাস
কমল দুৱৰা মহাবিদ্যালয় 
দ্বিতীয় ষান্মাসিক ( অসমীয়া বিভাগ )
ফোন নম্বৰ: ৮৮২২১৭০৪১২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)