শিশু বিকাশত অভিভাৱকৰ দায়িত্ব-সুশান্ত দাস

Rinku Rajowar
0
বৰ্তমান সমগ্ৰ বিশ্বতে ব্যাপকভাৱে চৰ্চিত এটি বিষয় হ’ল শিশু শিক্ষা আৰু শিশুৰ বিকাশ৷ এটি শিশুৰ সৰ্বাংগীণ বিকাশৰ বাবে বিশ্বৰ দেশে দেশে নানা গৱেষণা আৰু অধ্যয়ন চলিছে৷ আন কোনো বিষয়ক লৈ ইমান চৰ্চা হোৱা নাই বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব৷ শিশুৰ মন, বৰ্দ্ধন আৰু শিক্ষাক লৈ বহু ধৰণৰ গৱেষণা আৰু অধ্যয়ন ফ্ৰান্স, আমেৰিকা, ইংলেণ্ডকে ধৰি ইউৰোপৰ আন আন দেশত ওঠৰ শতিকাতে আৰম্ভ হৈছিল বুলি জনা যায়৷ পৰিয়াল হৈছে এটি শিশুৰ বাবে আটাইতকৈ আপোন আৰু নিৰাপত্তাৰে ভৰা অনুভৱ। পৰিয়ালতে শিশুৱে জীৱনৰ ভৰা অনুভৱ। পৰিয়ালতে শিশুৱে জীৱনৰ আদিপাঠ শিকে আৰু তাৰ আৰম্ভণি হয় শিশুটিয়ে কেঁচুৱাৰ পৰা বাল্যকালত ভৰি দিয়াৰে পৰা। ২ বছৰৰ পৰা ৬ বছৰ বয়সলৈকে এই সময়ছোৱা আগতীয়া বাল্যকাল বুলি কোৱা হয়।  সন্তানৰ ভৱিষ্যত যিয়েই  নহওক সকলো নিৰ্ভৰ কৰে জন্মৰে পৰা সন্তানে পোৱা জ্ঞানৰ ওপৰত । এই জ্ঞানৰ বাবে পিতৃ মাতৃ বা পালন কৰ্তা জনেই হ'ল আদিগুৰু। তাৰ পিচতে নিৰ্ভৰ কৰে বিদ্যালয়ৰ শিক্ষাগুৰু , বন্ধু বান্ধৱ  তথা সমাজৰ বিভিন্ন স্তৰৰ জেষ্ঠ্য কণিষ্ঠ  সকলৰ পৰা পোৱা  ভাল বেয়া, নৈতিক অনৈতিক ,ধৰ্ম অধৰ্মৰ জ্ঞান, বুদ্ধি, বিবেচনা সমূহ। বিশ্বজুৰি শিশুৰ ওপৰত কৰা এনে গৱেষণা, অধ্যয়ন আৰু নিৰীক্ষণৰ বাবে শিশু সমন্ধে বিভিন্ন ধৰণৰ তথ্য জনাৰ সুবিধা হৈছে৷ শিশুৰ শাৰীৰিক, মানসিক, সামাজিক বিকাশৰ লগতে ভাষা, অভ্যাস, মনোভাৱ আদিৰ বিষয়েও নতুন নতুন তথ্য আৱিষ্কাৰ হৈছে৷ শিশুৰ মনোবিজ্ঞানে শৈশৱৰ বিষয়ে অধিক তথ্য আৱিষ্কাৰ কৰাৰ লগতে শিশুক শিক্ষা দিয়াৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে৷ শিশুসকলৰ শাৰীৰিক, মানসিক আৰু সামাজিক দিশৰ অপৰিপক্বতা আৰু শিক্ষাদানৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি মনোবৈজ্ঞানিকসকলে শিশুৰ শিক্ষা ব্যৱস্থা পুথিগত শিক্ষাতকৈ বেলেগ হোৱাৰ যুক্তি আগবঢ়াইছে৷ মনোবৈজ্ঞানিকসকলে সুদীৰ্ঘকাল বিভিন্ন পৰীক্ষা আৰু গৱেষণাৰ লব্ধফলক ভিত্তি কৰি শিশুৰ শিক্ষাৰ বাবে নতুন নতুন শিক্ষণ পদ্ধতি আৱিষ্কাৰ কৰিছে৷ ইয়াৰ ভিতৰত ইটালীৰ মেডাম মণ্টেচ’ৰীয়ে শিশু গৃহত ব্যৱহাৰ কৰা শিক্ষণ পদ্ধতি আৰু জাৰ্মানীৰ দাৰ্শনিক শিক্ষাবিদ উইলহেম আগষ্ট ফ্ৰ’ৱেল সৃষ্টি কৰা কিণ্ডাৰ গাৰ্টেনৰ শিক্ষণ পদ্ধতি গোটেই পৃথিৱীতে সমাদৰ লাভ কৰিছে৷
শিশুৰ বিকাশ সাধন কৰিবলৈ বয়স অনুযায়ী শিক্ষা দিয়া প্ৰয়োজন আৰু এই প্ৰয়োজনীয় কৰণীয় খিনি সৰুৰে পৰা দিয়াৰ দায়িত্ব হল অভিভাৱকৰ। শিশু এটি সৰুৰে পৰা সু শিক্ষাৰে শিক্ষিত হলে ডাঙৰ হলেও সেইবোৰ পৰিৱৰ্তন নহয়। এখন ঘৰৰ পৰিৱেশ আৰু অভিভাৱকৰ মাত কথা ইত্যাদি বিষয় বস্তুও আমি চালি জাৰি চোৱা প্ৰয়োজন কিয়নো এজন শিশুৰ বিকাশৰ ক্ষেত্ৰত এইবোৰ সুক্ষ্মপোষক যদিও ই শিশুৰ মৌলিক জ্ঞান আহৰণ আৰু স্বভাৱ চৰিত্ৰ ভাল কৰাত বৰঙণি যোগায়।  বৰ্তমানৰ শিশু বা ছাত্ৰসকল হ’ল আমাৰ দেশৰ ভৱিষ্যৎ৷ দেশৰ বা সমাজৰ প্ৰগতি নিৰ্ভৰ কৰে নৱ প্ৰজন্মৰ ওপৰত৷ বিশেষকৈ শিশুৰ ধ্যান-ধাৰণা, নৈতিকতা, সুআচাৰ- ব্যৱহাৰ আদিতে শিশুৰ ভৱিষ্যতৰ সপোন নিহিত হৈ থাকে৷ এক সুস্থ-সৱল, সাংস্কৃতিক পৰিৱেশত এটি শিশু গঢ় লৈ উঠিব পাৰে এক আদৰ্শবান, নিষ্ঠাবান, সুচৰিত্ৰৰ ব্যক্তিৰূপে, আনহাতে কিছুমান নেতিবাচক পৰিৱেশৰ প্ৰভাৱত পৰি শিশু এটি গঢ়ি উঠিব পাৰে এজন অনৈতিক চৰিত্ৰৰ চোৰ, ডকাইত, ব্যভিচাৰী ব্যক্তিৰূপে৷ অভিভাৱকসকল হ’ল সমাজৰ অভিজ্ঞতাসম্পন্ন জ্যেষ্ঠ নাগৰিক৷ প্ৰতিগৰাকী অভিভাৱকেই নিজৰ শিশুটিক সুস্থ-সৱল, চৰিত্ৰবান, আদৰ্শনিষ্ঠ, নৈতিকতাপূৰ্ণ ব্যক্তিৰূপে গঢ়াই তোলাৰ কামনা কৰে৷ গতিকে সাম্প্ৰতিক পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত শিশু এটিক জীৱনৰ মূল লক্ষ্যত উপনীত হ’বলৈ বা সঠিক দিশত আগবঢ়াই নিবলৈ বলিষ্ঠ ভূমিকা ল’বলগীয়া চৰিত্ৰটোৱেই হ’ল পিতৃ-মাতৃ বা অভিভাৱক৷ অভিভাৱকসকলে নিজৰ উন্নত চিন্তা-ধাৰা, ধ্যান-ধাৰণা, অভিজ্ঞতা, নৈতিকতা আদি উন্নত ইতিবাচক চিন্তা চৰ্চাৰে নিজৰ সন্তানক সুপথে আগবাঢ়ি যাবলৈ উদ্‌গনি যোগায় ৷ সেয়েহে আমাৰ অভিভাৱকসকল পৰিগণিত হ’ব লাগিব সম্পূৰ্ণ দায়িত্বশীল, কত্তৰ্ব্যশীল আৰু সদা-সচেতন ব্যক্তিৰূপে ৷ ঘৰখনেই হ’ল শিশুৰ চৰিত্ৰ গঠনৰ প্ৰথম অনানুষ্ঠানিক শিক্ষানুষ্ঠান । জন্মগতভাৱে কোনো শিশুৱে নিজৰ চৰিত্ৰ গঢ় লৈ নাহে ৷ কুমাৰসকলে কোমল আলটীয়া মাটি পিটি পিটি চাকত ঘূৰাই পুৰি যেনেদৰে নানাবিধ মাটিৰ শিল্প গঢ়ি তোলে, ঠিক তেনেদৰে জন্মগত সুপ্ত গুণৰাজিৰে পৃথিৱীলৈ অহা দেৱশিশুসকলক এক সুস্থিৰ, শুদ্ধ পৰিৱেশেৰে, সুনিৰ্দেশনাৰে আগবঢ়াই নিয়াত অভিভাৱকসকলে দায়িত্ব ল’ব লাগিব ৷ সজ চিন্তা, সজ আচৰণ, সজ-গুণ, সজ-অভ্যাস আদিবোৰ ঘৰখনতেই গঢ়ি তুলিব লাগিব৷ নিয়মানুৱৰ্তিতা, নৈতিকতা, কৰ্তব্যপৰায়ণতা, জ্যেষ্ঠসকললৈ তথা গুৰুজনালৈ শ্ৰদ্ধা আদিৰ শিক্ষা ঘৰখনতেই গ্ৰহণ কৰিব লাগিব ৷ ঘৰখনত সদায় এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰি ৰাখিব লাগিব ৷ খোৱা-বোৱাৰ ক্ষেত্ৰত ফাষ্ট ফুড ৰ অপকাৰিতাৰ বিষয়ে জ্ঞান দি হোম মেড অৰ্থাৎ ঘৰতে প্ৰস্তুত কৰা খাদ্যৰ অভ্যাস গঢ়ি তুলিব লাগে৷ তেতিয়াহে শিশুজন সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰিব ৷ অবাবতে সময়বোৰ নষ্ট নকৰি দুই-এপদ সৰু-সুৰা কামত পিতৃ-মাতৃক   সহায়-সহযোগিতা আগবঢ়োৱাৰ শিক্ষা দিব লাগিব ৷ শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ বাবে ৰাতিপুৱা-গধূলি খোজকঢ়া, ব্যায়াম কৰা, প্ৰাণায়াম কৰা, পঢ়াশলীয়া পুথিৰ অধ্যয়নৰ লগতে দুই-এখন ভাল বাহিৰা কিতাপ পঢ়া, সংগীত চৰ্চা কৰা, খেলা-ধূলা কৰা, আত্মীয় স্বজনৰ লগত সময় অতিবাহিত কৰা আদি সৰ্বত্ৰে সজ অভ্যাসবোৰ গঢ়ি তোলাত অভিভাৱকৰ ভূমিকাই গুৰুত্বপূৰ্ণ ৷ শিশুৰ পিন্ধন- উৰণৰ ক্ষেত্ৰতো অভিভাৱকসকলে গুৰুত্ব দিব লাগিব ৷ মাৰ্জিত ধৰণৰ বস্ত্ৰ পৰিধান কৰাব লাগিব ৷ নতুনকৈ উঠি অহা ছোৱালী সন্তানসকলে যাতে চুটি চুটি গা-নধকা কাপোৰ পিন্ধি নিজকে উদঙাই সমাজত উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি নকৰে তাৰ বাবে অভিভাৱকসকল সচেতন হ’ব লাগিব ৷ হোটেল, ৰেষ্টোৰেণ্ট, বাৰ আদিত গৈ সুৰাপান কৰা, ড্ৰাগচ , হিৰইন, ইনচুলিন আদি বিষাক্ত দ্ৰব্য সেৱন কৰা, হোটেলত ত নিশাযাপন কৰা, সুৰামত্ত অৱস্থাত ৰক ডান্স কৰা, ৰাস্তাত ছোৱালী জোঁকোৱা আদি অনৈতিক কৰ্মবোৰৰ পৰা শিশুক সদায় আঁতৰত ৰাখিব লাগিব৷ অৰ্থাৎ অভিভাৱকসকলে নৈতিকতা, শৃংখলাৱদ্ধতাৰ মানৱীয়তাৰ জ্ঞান দিব লাগিব ৷ নিয়মানুৱতিৰ্তাৰ জ্ঞান দি আত্মবিশ্বাসী হ’বলৈ শিক্ষা দিব লাগিব ৷ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে সমান মৰ্যাদা দিব লাগিব ৷ মানৱতাৰ বিৰুদ্ধে অন্যায় দেখিলে আগবাঢ়ি যাব লাগিব ৷ শিক্ষক আৰু অভিভাৱকৰ সম্পৰ্ক নিবিড় হ’ব লাগিব যাতে শিশুটিৰ চৰিত্ৰ গঠনত দুয়োগৰাকীৰ মাজত পাৰস্পৰিক আদান-প্ৰদানে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। শিশুৱে সাধাৰণতে যিজন অভিভাৱকে অধিক সময় কটায় তেওঁৰ লগত অধিক ঘনিষ্ট হয়। বহু সময়ত কম সময় দিয়া অভিভাৱকৰ প্ৰতি শিশুৰ আকৰ্ষণ কমি যায় আৰু ভৱিষ্যৎ জীৱনতো তেওঁৰ লগত দূৰত্ব অধিক হ’ব পাৰে।
বহু সময়ত পিতৃ-মাতৃ বা পৰিয়ালৰ লোকে সততে ল’ৰা-ছোৱালীক ভাতৃ-ভগ্নী বা অন্য ল’ৰা-ছোৱালীৰ লগত তুলনা কৰে। যিয়ে শিশুৰ মনত আঘাত দিয়ে। এনে তুলনাই পিতৃ-মাতৃ আৰু ভাতৃ-ভগ্নীৰ মাজৰ মৰমৰ উত্তাপ নোহোৱা কৰাৰ লগতে শিশুৰ আত্মবিশ্বাস কমায়। ব্যক্তিগতভাৱে মই এংজাইটি, ডিপ্ৰেছন আৰু আত্মহত্যাৰ প্ৰৱণতা থকা কেইবাজনো কিশোৰ-কিশোৰী পাইছিলোঁ, যিয়ে বাল্যকালৰে পৰা পিতৃ-মাতৃৰ উপৰ্যুপৰি তুলনাৰ সন্মুখীন হৈছিল।
তেওঁলোকৰ ভিতৰত দুজনে আনকি পিতৃ-মাতৃৰ অজ্ঞাতে কাউন্সিলিঙৰ বাবে আহিছিল। পিতৃ-মাতৃয়ে তেওঁলোকৰ সমস্যা বুজি নাপাব বা বিশ্বাস নকৰিব বুলি তেওঁলোকে অভিভাৱকক অৱগত কৰিব বিচৰা নাছিল। শিশুৰ মন আলফুলীয়া, সৰল আৰু ঠুনুকা হয়। বহু পিতৃ-মাতৃ বা পৰিয়ালৰ অন্য লোকে ইজনে-সিজনৰ দোষ শিশুৰ আগত কোৱা দেখা যায়। যিহেতু শুদ্ধ-অশুদ্ধ বিচাৰ কৰিব পৰাকৈ বাল্যকালত শিশুটি পৰিপক্ক নহয়, তেনেস্থলত এনে কথাই অভিভাৱকৰ লগত শিশুৰ সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলায়। এইবোৰ শিশুৰ মনৰ পৰা আঁতৰাবলৈ অভিভাৱকৰ কৰণীয় বহুতো আছে। প্ৰয়োজন সাপেক্ষে অভিভাৱকৰ আচৰণ সংশোধন গুৰুত্বপূৰ্ণ। শিশুৰ আচৰণত পিতৃ-মাতৃৰ আচৰণেই প্ৰতিফলিত হয়। শিশুৰ মনটো এটি কাঁচৰ পাত্ৰৰ দৰে, অভিভাৱকৰ অসাৱধনতাৰ বাবে ই ভাগি চূৰ্ণ বিচুৰ্ণ হব পাৰে। আজিৰ শিশুৰ ঈশ্বৰৰ ওপৰত বিশ্বাস একেবাৰেই নাইকিয়া হৈ যোৱা দেখা গৈছে ৷ ধৰ্ম-সংস্কৃতি, পূজা-পাতল আদিবোৰক নানা যুক্তিৰে অন্ধবিশ্বাস, কুসংস্কাৰৰূপে ব্যাখ্যা দিয়া হয় যদিও এই ক্ষেত্ৰত অভিভাৱকসকলে বিজ্ঞান মনষ্কতাৰে হ'লেও কিছু আধ্যাত্মিক শিক্ষাৰ জ্ঞান দিব লাগিব ৷ কাৰণ আধ্যাত্মিক চিন্তাই মানুহৰ মনৰ অস্থিৰতা দূৰ কৰে, মানৱীয় গুণৰ বিকাশ ঘটায়, নাম-প্ৰসংগই মানুহৰ মনলৈ শান্তি আনে৷ নিজৰ সন্তানৰ ভৱিষ্যত সুখ-সমৃদ্ধিৰ কথা চিন্তা কৰি সকলো অভিভাৱকেই শিশুৰ শিক্ষা বিকাশৰ বাবে যথাসম্ভৱ সকলো সুবিধা দিবলৈ যত্নপৰ হয়৷ কিন্তু সকলো সুবিধা দিবলৈ যাওঁতে সেই সুবিধাৰ যাতে অপব্যৱহাৰ নহয় তাৰ প্ৰতি সকলোৱে সচেতন হোৱা উচিত৷ নিজৰ সন্তানক এজন সু-ব্যক্তিত্ব সম্পন্ন নাগৰিক হিচাপে গঢ়ি তোলাটো পিতৃ-মাতৃৰ লক্ষ্য হোৱা উচিত৷  সন্তানক ভাল মানুহ কৰি গঢ়ি তুলিবলৈ  শিশুটিৰ স্বাস্থ্য আৰু মস্তিষ্ক গঠনৰ এই কালচোৱাত খাদ্য নীতি ও শিশুপালন বিধিৰ সম্যক জ্ঞান অনুসৰি  যতন লোৱাটো  বাঞ্চনীয়। এইবোৰ অভিভাৱকৰ কৰ্তব্য।   বয়স বাঢ়ি অহাৰ লগেলগে বেচিভাগ ক্ষেত্ৰতে সন্তানৰ প্ৰতি অধিক স্নেহৰ বাবে  বিজ্ঞাপন সমুহত দেখা  অধিক ভিটামিন /প্ৰটিন /চৰ্বি/কেলৰী আৰু কেমিকেল যুক্ত বজাৰৰ লোভনীয়   শিশুখাদ্য ,অধিক মিঠাই, মাছ,মাংস,কণী,  মচলা যুক্ত গুৰুপাক আহাৰে শিশুটিক  ৰুগীয়া তথা সৰ্বাংগীন বিকাশত বাধাস্বৰূপ হোৱা দেখা যায়। এনেকুৱা ধৰণৰ দায়িত্ব বৰ্তমান অভিভাৱকে লোৱাটো অপ্ৰয়োজনীয়। এইবোৰে শিশুৰ স্বাস্থ্যৰ উপৰত বিৰূপ প্ৰভাৱ পেলায়।  
    শেষত ক’ব পৰা যায় যে, অভিভাৱকসকলে এজন বন্ধুৰ দৰে সন্তানৰ জীৱনৰ চকৰী সঠিক দিশত আগবঢ়াই নিব পাৰে ৷ লগতে এজন দাৰ্শনিকৰ দৰে শিশুটিক এক শিক্ষাপ্ৰদ পথেদি আগুৱাই দিক্‌দৰ্শন কৰিব পাৰে আৰু অভিভাৱকসকলে এজন তত্ত্বাৱধায়কৰ দৰে সঠিক দিহা-পৰামৰ্শ দি জীৱনৰ আকাংক্ষিত লক্ষ্যত উপনীত হ’ব পৰাকৈ জীৱনৰ পদে পদে সহায় কৰিব পাৰে ৷ সন্তানৰ উন্নতি বা প্ৰগতিয়েই সমাজৰ, দেশৰ উন্নতি বা প্ৰগতি ৷ দেশৰ জনগণৰ চিন্তা-চেতনা আৰু কৰ্মদক্ষতাৰ ওপৰতে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে । গতিকে শিশুৰ ধ্যান-ধাৰণা, সুপৰিকল্পিত কৰ্মকুশলতা, সুশৃংখলতা, সু-আচাৰ ব্যৱহাৰ, পৰম্পৰা-ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা-ভক্তি আদিতে দেশৰ ভৱিষ্যতৰ সপোন নিহিত হৈ থাকে ৷ সেয়েহে এখন সুস্থ-সৱল নিকা সমাজ গঢ়িবৰ বাবে আমি অভিভাৱকসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব।।


✍️সুশান্ত দাস, শিৱসাগৰ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)