সাধাৰণ জ্ঞান-কুইজ

©Admin
0
প্ৰশ্ন : হৰপ্পা সভ্যতাৰ আনটো নাম কি?

উত্তৰ : সিন্ধু উপত্যকাৰ সভ্যতা।

প্ৰশ্ন: আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০ৰ মাজত।

প্ৰশ্ন : আৰ্যসকলে প্ৰৱৰ্তন কৰা সমাজৰ চাৰিটা শ্ৰেণী কি কি?

উত্তৰ : ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ।

প্ৰশ্ন : মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : ৰজা বিম্বিসাৰ।

প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মগধৰ শাসনভাৰ গ্ৰহন কৰে?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৩২১।

প্ৰশ্ন : আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৩২৭, মেচিডোনিয়া।

প্ৰশ্ন : শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল।

উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য।

প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে কোনজন প্ৰাচীন ভাৰতৰ ৰজাক বিবেচনা কৰা হয়?

উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য।

প্ৰশ্ন : চাণক্যক চন্দ্ৰগুপ্ত মৌৰ্যৰ ‘গুৰু’ হিচাপে বিবেচনা কৰা হয়। চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰ : অৰ্থশাস্ত্ৰ।

প্ৰশ্ন : চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি?

উত্তৰ : মেগাস্থেনিছ।

প্ৰশ্ন : অশোকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ২৬১।

প্ৰশ্ন : কলিংগ যুদ্ধই অশোকক বৌদ্ধ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল। কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল?

উত্তৰ : উপগুপ্ত।

প্ৰশ্ন : গুপ্তবংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল?

উত্তৰ : পাটলিপুত্ৰ।

প্ৰশ্ন : মৌৰ্য সাম্ৰাজ্যৰ প্ৰ্তিষ্ঠাপক কোন?

উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্যই।

প্ৰশ্ন : অশোকৰ শিলালিপি আৰু তাম্ৰলিপি ভাৰতবৰ্ষৰ ৪৫ খন ঠাইত পোৱা গৈছে। এই শিলালিপিবোৰ কি ভাষাত লিখা হৈছে?

উত্তৰ : প্ৰাকৃত।

প্ৰশ্ন : কোন ৰাজ বংশই শকাব্দৰ প্ৰচলন কৰিছিল?

উত্তৰ : কনিষ্ক।

প্ৰশ্ন : কণিষ্ক কোনটো বংশৰ লোক আছিল?

উত্তৰ : কুষাণ।

প্ৰশ্ন : সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম কি?

উত্তৰ : সমুদ্ৰগুপ্ত।

প্ৰশ্ন : ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়।

উত্তৰ : সমুদ্ৰগুপ্ত।

প্ৰশ্ন : ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সোণালী যুগ’ আখ্যা দিয়া হয়?

উত্তৰ : গুপ্তযুগক।

প্ৰশ্ন : গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি?

উত্তৰ : অজন্তা গুহা চিত্ৰ।

প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো কি?

উত্তৰ : মৌৰ্যবংশ।

প্ৰশ্ন : বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল?

উত্তৰ : দ্বিতীয় চন্দ্ৰগুপ্ত।

প্ৰশ্ন : চীন দেশৰ কোনজন পৰিব্ৰাজকে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল।

উত্তৰ : হিউয়েন চাং।

প্ৰশ্ন : ভাৰতৰ কোনখন প্ৰাচীন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্ত:ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়?

উত্তৰ : নালন্দা বিশ্ববিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)