বহু কথায় নোকোৱাকৈ ৰৈ গ'ল
আপুনি গুচি গ'ল,
পূবৰ বেলি পশ্চিমত নপৰোতেই
মোৰ হৃদয়ত এটি দ আঘাত কৰি।
খ)
এতিয়া মোৰ কবিতাত আপুনি
বেইমান অপৰাধী,
আনৰ বুকুত শুই পৰা
চলনাময়ী কলঙ্কিনী।
গ)
কেনেকৈ পাৰে ইমান নিখুঁত ভাবে
প্ৰতাৰণা কৰিব?
কি সাহসত বাৰু পাৰে আপুনি
এজনৰ মৰম-ভালপোৱাক হত্যা কৰি
আনজনৰ ওচৰত ভালপোৱা বিচাৰিব?
◾চিন্ময় বৰা।