পদ-পথ - চিন্ময় ডেকা

লিৰিকি-বিদাৰি
জাৱৰ জোঁথৰৰ দ'ম
হৈছে আজি সিঁচৰতি।
কৃত্ৰিম বানৰ কৱলত
গুৱাহাটী মহানগৰী।
স্বচ্ছ-নিকা......
জহাই ফুৰা,
পৌৰনিগম কিয়?
বাস্তৱত জোলোঙাৰ মেকুৰী।
দিন আহে-দিন যায়
ৰাতি হ'লে খবৰ পাই,
কিমান দিনলৈ চলিব
এই ল'ৰালিৰ ধেমালি।
উন্নয়নৰ বাট ভেটি
শত-সহস্ৰ লোকৰ পকেট হয় ভৰ্তি
কিমান যে, বিসংগতি.......
ন'কৈ নোৱাৰি।
বাৰিষাৰ আগমনত
কৃত্ৰিম বানৰ কৱলত পৰিছে
ৰাজ্যৰ মূল দুৱাৰ গুৱাহাটী মহানগৰী।

✍️চিন্ময় ডেকা 
টংলা ওদালগুৰি
দূৰভাষ:-৬০০২৬৬৬৫৯৩

Post a Comment

Previous Post Next Post