জীৱনৰ ৰঙীন পখিলা।
তোমাতেই সুখ
তোমাতেই দুখ
তোমাতেই অন্তহীন সৃষ্টিৰ
বহু কবিতা লিখোঁ।
সফলতাৰ চাবিকাঁঠি পকাই
নব্য জীৱনৰ পাতনি মেলোঁ।
তুমি পুৱতি নিশাৰ
এটি হাঁহিৰ সপোন,
এমুঠি সজাঁল আশাৰ
তুমি এখনি দাপোন।
জীৱন নদীৰ ঘাটে ঘাটে,
বাট হেৰাই অৰঙে- দৰঙে,
বাৰেপতি কিয় জানো উজুতিহে খাওঁ।
তথাপি,
আগুৱাই যাওঁ, উজাই যাওঁ।
✍️পাপু শইকীয়া
চিনাতলী (গোলাঘাট)
ভ্ৰাম্যভাষ :-৯৮৬৪৫০২৮৭৩
বহুত বহুত ধন্যবাদ ।
ReplyDelete