শূন্যতা

শূন্যতাৰ আঁত ধৰিয়েই 
মই আগুৱাই আছোঁ।
শব্দৰ মায়াজালত মই বন্দী হৈছোঁ।
ওলাবলৈ নিবিচাৰোঁ,
ভাল লাগে এই বন্দীত্ব।
একাকিত্ব সময়বোৰত
শব্দৰাজিয়ে মোক লৈ যায়
অনুভৱৰ সুগন্ধিময় উপবনত।
বিষন্নতাই যেতিয়া কোলাহল কৰে,
নিস্তেজ কায়াৰূপী জীৱনটো
যেতিয়া আগুৱাই যাব বিচাৰে
শূন্যতাৰ আঁত ধৰিয়েই মই 
প্ৰাৰম্ভণি কৰোঁ,
জীৱন জীয়াৰ কাহিনী।

জুৰি বৰুৱা

Post a Comment

Previous Post Next Post