সপোন - শিল্পী গোস্বামী

©Admin
0
ৰামধেনুৰ সাতোৰঙেৰে অঙ্কন কৰা মোৰ এটা সপোন।
আন্ধাৰ নেওচি পোহৰক লৈ আগুৱাই যোৱাৰ ইচ্ছা, সিও যেন মোৰেই সপোন।
পোৱা নোপোৱা বান্ধোন ছিঙি
ধনী দুখীয়াৰ ভেদ ভাঙি
সাতোৰঙী ৰামধেনুৰ ৰঙেৰেই যেন পৃথিৱীখন ৰঙীন কৰি তুলিম।
দুখ- কষ্টৰ বেৰ ভাঙি
 সুখ- হাঁহিক সাৰথি কৰি 
যেন আগুৱাই যাম আৰু মোৰ সপোন পূৰণ কৰিম।
প্ৰাপ্তি অপ্ৰাপ্তিৰ গণনা এৰি
সফলতাৰ চানেকিৰ বোলেৰে যেন আগুৱাই যাম।
সপোনৰ পৃথিৱীখন এবাৰ নিজৰ কৰি চাম।
ৰামধেনুৰ সাতোৰঙেৰে জীৱনটোক, সপোনবোৰক ৰঙীন কৰি পেলাম।
আন্ধাৰ নেওচি পোহৰক লৈ মাথোঁ আগুৱাই যাম।

শ্ৰী শিল্পী গোস্বামী
লাহদৈগড়, যোৰহাট।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)