ৰিণি আৰু বিনি দুয়োজনী ভাল বান্ধৱী । ৰিণি বিনিতকৈ চাৰি-পাঁচবছৰ বয়সত সৰু । হঠাৎ যেন কিবা শব্দত কাণখন থিয় হ'ল বিনিৰ । ৰিণিহঁতৰ ঘৰত হুলস্থূল লাগিছে । আজি তিনি-চাৰিদিন ৰিণিয়ে ভাত-পানী একোকে খোৱা নাই । মই ৰিণিহঁতৰ ঘৰত চিঞৰ শুনি সিহঁতৰ ঘৰ পালোগৈ । তাইক কোনেও ধৰি ৰাখিব পৰা নাই ।
কথাটো সঁচা , তাই একেবাৰে ভাগি পৰিছে । কিতাপ-পত্ৰ সকলো দলিয়াইছে । মাকে মৰমেৰে বুজাইও তাইক মনাব পৰা নাই । কোনো মানুহ যেন তাইৰ ওচৰ চাপিব পৰা নাই । তাই স্কুল হেনো এৰিলে । সেইখন স্কুললৈ আৰু কেতিয়াও নাযায় । মাক-দেউতাক সকলো চিন্তাত পৰিছে । ভৱিষ্যতৰ চিন্তাই মাক-দেউতাকক হতাশ কৰি পেলাইছে ।
হতাশ হোৱাৰ কাৰণ নথকা নহয় । কাৰণ তাই ঘৰখনৰ একমাত্ৰ সন্তান । ৰিণিক লৈ মাক-দেউতাকে বহুত সপোন দেখিছিল আৰু বহুত আশা কৰিছিল । ভৱিষ্যতে তাই এদিন ডাঙৰ মানুহ হৈ ঘৰখনলৈ আনন্দ কঢ়িয়াই আনিব । সেই আশাকেই বুকুত বান্ধি মাক-দেউতাকে বিদ্যালয়লৈ পঢ়িবলৈ পঠাইছিল । এইবাৰ তাই মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গণিত , বিজ্ঞান আৰু ইংৰাজীত লেটাৰ মাৰ্ক পাই আমাৰ বিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল । গতিকে কান-সমনীয়া নহ'লেও আমি দুয়োজনী একেলগেই বিদ্যালয়লৈ গৈছিলো । প্ৰথম দিনা বহুত আশা বুকুত বান্ধি তাই বিদ্যালয়লৈ আহিছিল মাথোঁ । কিন্তু প্ৰথম দিনাই যেন সকলো আশা চুৰ-মাৰ হৈ গ'ল । দ্বাদশ মানৰ কেইজনীমান ছোৱালী আৰু কেইটামান ল'ৰাই ৰিণিক চিনাকি হোৱাৰ চলেৰে বিদ্যালয়ৰ চৌহদত থকা ছাত্ৰী নিবাসৰ কোঠা এটালৈ মাতি নি চিনাকি হোৱাৰ নামত অকথ্য কথা আৰু আচৰণেৰে তাইক স্তম্ভিত কৰি তোলে । গালি-গালাজৰ লগতে দুটামান চৰ মাৰি তাইৰ জীৱনৰ সকলোবোৰ সপোন থানবান কৰি পেলায় । চুলিত ধৰি তাত থকা সকলোৰে ভৰিত ধৰি সেৱা কৰিবলৈ বাধ্য কৰায় আৰু তাই সকলোকে সেৱা কৰিবলৈ সাজু । নহ'লে যে তাই তাৰ পৰা হাত সৰাৰ উপায় নাই । ঠিক সেই সময়তে বিদ্যালয়ৰ শিক্ষকে ৰিণিক বেয়া ব্যৱহাৰ কৰা কথাটো গম পাইছে বুলি জনাত সিহঁত তাৰ পৰা পলাল ।
তাই আৰু কেতিয়াও ক্লাছলৈ যোৱাৰ সাহস নকৰিলে । কিতাপ-পত্ৰ সকলো বিদ্যালয়তে এৰি থৈ তাই ঘৰ পালেহি । সেইদিনাৰ পৰা তাই কেৱল ঘৰৰ ভিতৰতে সোমাই থাকে । কাকো মাত-বোল নকৰে । লাজ আৰু দুখত তাই যেন আগৰ ৰিণিজনী হৈ নাথাকিল । এইবোৰ যেন সমাজৰ একো একোটা ব্যাধি । এপাহ ফুল কলিতে মৰহি গ'ল । ইয়াৰ বাবে জগৰীয়া কোন ? এনে ব্যাধি আমাৰ সমাজৰ পৰা আঁতৰাব নোৱাৰিলে ৰিণিৰ দৰে বহু ফুল কলিতে মৰহি যাব । অনাগত দিনত আৰু কোনেও যাতে ৰিণিৰ দৰে দুৰ্ভোগৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে আমাৰ সমাজ ব্যৱস্থা সজাগ আৰু সচেতন হ'ব লাগিব ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ