Homeঅণুগল্প কেণা - হিমাশ্ৰী বৰা May 30, 2022 0 'বহাগী বিদায়' অনুষ্ঠানৰ মুকলি সভাৰ ভাষণত 'শান্তি' , 'সম্প্ৰীতি' শব্দকেইটাই মূৰ দাঙি থাকিল ।মঞ্চৰ বাহিৰত সাময়িক উত্তেজনা নিয়ন্ত্ৰণ কৰিব নোৱাৰি নিৰ্দোষী ল'ৰাটোৰ মূৰত কোবকেইটা মৰাজনৰ কাণত যান্ত্ৰিক বিজুতিৰ বাবে চাগৈ শব্দকেইটা নপৰিল । Tags: অণুগল্প হিমাশ্ৰী বৰা