সুগন্ধি প্ৰেমিক - মিন্টু গোৱালা

©Admin
0
যৌৱনৰ আমোল ক্ষণত
 হৃদয়ে জিৰাব 
বিচৰা সুগন্ধি হৃদয়খনত
জিৰালোহি । 

তোমাৰ হৃদয়ত
 সুগন্ধি প্ৰেমিক হৈ ।
 
গোলাপৰ পাহিত 
যেনেকৈ পখিলাই জিৰায়,
তেনেকৈ জিৰালো তোমাৰ 
কোমল হৃদয়ৰ মাজত ।

তোমাৰ হৃদয়খন চুঁহিলো
ফুলৰ মৌ চুঁহাৰ দৰে....
গোলাপৰ পাহিৰ মৌ চুঁহি
 জিৰাও খন্তেক
 আপোন হৃদয়ত ।

✍️শ্ৰী মিন্টু গোৱালা, লখিমপুৰ, কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)