অৰুন্ধতী - অনিমা তালুকদাৰ দত্ত

©Admin
0
 এয়া দোভাগ ৰাতি।
তোমাক চাবলৈ আহিলো দূৰ-দূৰণিৰ পৰা,
কিন্তু তুমি দেখোন শোৱা নাই,
গাৰুতে কৰি আছা মূৰটো ইকাটি - সিকাটি। 

অৰুন্ধতী, কভিড নামৰ নেদেখা শক্ৰটোৰ ওচৰত হাৰ মানি
মই গুচি গ'লো দূৰ দেশলৈ।
এই দোভাগ ৰাতি ধপলিয়াই আহিছো
পোনাকণ আৰু তোমাক চাবলৈ।

অৰুন্ধতী, পৰেনে মনত সেই
তাহানিৰ দিনবোৰ?
তুমি মই পাৰ কৰা
মিঠা মিঠা লগন বোৰ?
নতুন কাপোৰ পিন্ধিলেই
সোধা "ক'লৈ যোৱা"।
নাযাবা বুলি যে মোক 
কাবৌ কৰি কোৱা।

আমাৰ সুখৰ বাবে সকলো
দিছিলা বিসৰ্জন।
নিজৰ বাবে কিন্তু
নাৰাখিলা অকণ।

কিন্তু অৰুন্ধতী,
তোমাক মই এৰি আহিলো
ডাৱৰৰ সিপাৰে থকা ধুনীয়া দেশলৈ,
অজান দেশৰ নিৰ্জন কোঠাত শুই থাকো মই,
তোমাৰ ওচৰলৈ যাবও নোৱাৰো এই বেশ লৈ।

নিস্বাৰ্থ প্ৰেমৰ কঠিন বান্ধোন
অলক্ষিতে সোলোকালো
নজনা নেদেখা অজান দেশলৈ
তোমাক এৰি মই গুচি আহিলো।

সেয়েহে অৰুন্ধতী তোমাক চাবলৈ
আহিছো মই এই দোভাগ ৰাতি,
কিন্তু দূৰৰ পৰা দেখিলো তোমাক -
তুমি শোৱা নাই,
গাৰুতে কৰি আছা 
মূৰটো ইকাটি- সিকাটি।

শুই থাকা অৰুন্ধতী,
এইয়া যে দোভাগ ৰাতি ।

✍️অনিমা তালুকদাৰ দত্ত
দূৰভাষ 9101288625

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)