মৌন ওঁঠৰ কৰুণ বিননি
চকুলোৰে দিন শুৱনি,
হাঁহিৰ আঁৰত এটি জীয়া কাহিনী
বাস্তৱ জীৱনৰ অবাস্তৱ জীৱনী
তথাপিওঁ অকনো আক্ষেপ নাই জীৱন
বিনাদ্বিধাই মানি ল'ম তই মোৰ
সৈতে কৰা ধেমালি
হেলাৰঙে আকোৱালি ল'ম তোৰ নানাৰঙীন উপহাৰৰ টোপোলাটি
হাঁহি হাঁহি খোজ দিম তই আগবঢ়াই লৈ যোৱা উজুটনিৰ পথটিত
পিছলি পৰিও খেপিয়াম তোৰ
পূৰ্ণ গতি
আঁচল পাতি ল'ম তই দিয়া জীৱনৰ নানাৰঙীন উপহাৰটি।
✍️দীপ্তি কুমাৰ
ছাত্ৰী, ছিপাঝাৰ মহাবিদ্যালয় (দৰং)