পিতাই-সবিতা দাস

©Admin
0
এসময়ত পিতায়ে হাতুৰী কোবাইছিল 
প্রতিটো হাতুৰীৰ কোবত 
পাঁচজনীয়া পৰিয়ালটিৰ পেটৰ ভাত হয় সিদ্ধ 
কৰতেৰে ৰেপি ৰেপি 
 সন্তানক মানুহ কৰিবলৈ যেন পিতাই প্রতিজ্ঞাবদ্ধ 

আৰু ...
এসময়ত পিতাই খেতিয়ক
নাঙলৰ সিৰলুত সপোন সিঁচে
ৰ'দ -বৰষুণ একাকাৰ 
পিতাৰ কৰ্মঠু দুই হাতৰ পৰশত 
সপোনে গজালি মেলে লহপহকৈ ।

আৰু এতিয়া ...
পিতাইৰ সপোনটি বৰগছ হ'ল
বৰগছৰ ছাঁতেই পিতায়ে লয় জিৰণি ।।

✍️সবিতা দাস
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)