কমৰেড ৰাভা -সীতা দেৱী

©Admin
0
হৃদয়ৰ গুপুত কোণত খোদিত,
বিষ্ণু প্ৰসাদ ৰাভা।
সংগ্ৰামী সাহসী বীৰ,
কমৰেড জাতীয় সত্বা।
কলা কৃষ্টিৰ আজন্ম সাধক,
অসমৰ সুযোগ্য সন্তান।
জনগণৰ হিয়াৰ আমঠু , কালজয়ী কলাগুৰু।
যুগ নায়ক, শিল্পী, জীৱন্ত কিংবদন্তি,
বিষ্ণু প্ৰসাদ ৰাভা।
সংস্কৃতিৰ সেউজীয়া পথাৰৰ,
প্ৰভাতী সূৰুজৰ সোনোৱালী
আভাৰ সুদীপ্ত মহা নায়ক।
দলিত, শোষিত, সৰ্বহাৰা ,
ৰণুৱা ,বণুৱা , কৃষকৰ ত্ৰানকৰ্তা
জাতীয় বীৰ যোদ্ধা,
বিষ্ণু প্ৰসাদ ৰাভা ।
যুগ জয়ী সৃষ্টিকৰ্তা,
ভবিষ্যত প্ৰজন্মৰ প্ৰেৰণা।
নাট্যকাৰ, নিখুঁত অভিনেতা, গীতিকাৰ,
সুৰকাৰ, কৌশলী সংগীতজ্ঞ,কবি,
চিত্ৰকাৰ, নৃত্য শিল্পী, যুগান্তকাৰী
বহুমুখী প্ৰতিভাৰ বিশাল সাগৰ,
বিষ্ণু প্ৰসাদ ৰাভা।।
সুমধুৰ গীতৰ মধুৰ ছন্দ প্ৰণেতা,
বজ্ৰ কঠিন কবিতাৰ পংক্তি লিখোঁতা,
প্ৰয়োজন সাপেক্ষে বন্দুক হাতত তুলি ধৰোঁতা 
বিষ্ণু প্ৰসাদ ৰাভা।।
নিৰন্তৰ, চিৰন্তন সচেতন জাতীয় বীৰ,
স্বকীয়তা ৰক্ষাৰ জয়গানেৰে, অটল আত্মবিশ্বাসী,
ভোটা তৰা সদৃশ,স্থিৰপ্ৰতিজ্ঞ
বিষ্ণু প্ৰসাদ ৰাভা।।
হৃদয়ৰ গুপুত কোণত খোদিত
কমৰেড ৰাভা।।
◼️ সীতা দেৱী, বিহপুৰীয়া,
       লখিমপুৰ, অসম
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)