দিল্লীত স্থায়ী ভাৱে থাকিবলৈ লোৱা, জীয়েকৰ ঘৰলৈ গোস্বামী দম্পত্তীৰ বছৰত কমেও দুই-তিনিবাৰ অহা যোৱা হয়। শেষৰ বাৰ, দূৰ্গা পূজাত যাওঁতে তাতে অমৰাৰ আচাৰ খাইছিল। জোৱাঁয়েকে কোনোবা মেলাত পাই অসমীয়া অমৰাৰ আচাৰ দুবটল নিছিল।ইম্মান টেষ্টি আছিল যে মনত পৰিলে মুখলৈ পানী আহে। তেজপুৰলৈ আহি দুখন মান মেলাত বিছাৰিলে, আচাৰ ৰখা দোকান কেইখনমানতো বিচাৰিছিল।নাপালে। গতিকে এইবাৰ ঘৰতেই বনোৱাৰ সিদ্ধান্ত ল'লে। সোধিব পৰা লগৰ দুজনীমানৰ পৰা আৰু আলোচনীৰ পৰা নিয়মবোৰ লিখি ৰাখিছিল।
বাটৰ কাষৰ গছত অমৰা লাগিছিল, কিন্তু পাৰি অনা মানুহ পোৱা নাছিল। কেইবা দিনো কেৱল অমৰা বিচাৰিয়েই বজাৰলৈও গৈছিল। কামত নাহিল। এদিন হাজিৰা কৰা মানুহ এটাক কোৱাত, সি বাটৰ কাণৰ গছ এজোপাৰ পৰা পাৰিবলৈ লওঁতে বাৰুকৈয়ে ওচৰৰ মানুহে পাব্লিক ধুলাই নিদিলে। সি যেনে-তেনে আনি দিম বুলি কৈ, এশ টকা লৈ ঘূৰি গৈছিল। এদিন সচাঁকৈয়ে দুই তিনি কিলোমান আনি দিয়াত গোস্বামী গোস্বামীয়নীৰ কিযে ফুৰ্তি।
সম্পূৰ্ণ নিয়ম মানি, সকলো যোগাৰ কৰি, দুয়ো বহি লৈ দুফাল দুফালকৈ অমৰাবোৰ ফলিলে। গুটিবোৰ অলপ টান হৈছিল যদিও এটাও বাদ নিদিলে। এৰাতি নিমখৰ পানীত থৈ পিছদিনা পুৱাই পানীৰ পৰা টুকি চোতালত মেলি দিলে। ৰ'দ নাছিল।বতৰটো দুদিন মান আগৰ পৰাই ডাৱৰীয়া হৈ আছিল। হঠাতে এজাক বৰষুণ আহি আচাৰৰ ডলা দুখন তিয়াই থৈ গ'ল।কনা, বাঢ়নীৰ কোব খোৱা বুলি বৰষুণক গালি পাৰি বাৰান্দাত বহলাই দিলেহি। গালি খাই বৰষুণৰ জিদ বাঢ়ি
নেৰানেপেৰা লাগিল। উপায়ন্তৰ হৈ বৰষুণক মনে মনে কাকুতি মিনতি কৰিও অমৰাখিনি শুকুৱাব নোৱৰি বাঁহৰ কামিৰে চাং পাতি তাৰ ওপৰত অমৰাৰ ডলা দুখন থৈ তলত আৰু ওপৰত এটাকৈ দুশ পাৱৰৰ বাল্ব জ্বলাই শুকুৱাবলৈ চেষ্টা কৰিলে।
তাৰ মাজতেই গুৱাহাটী জীয়েকৰ, দেওৰ বিল্লুক মাকৰ পৰা পুৰণি গহনাৰ চেট এটা নিবলৈ পঠাই দিছিল। কিবা অনুষ্ঠান এটাত পিন্ধিব। দূপৰীয়া ভাত খাই উঠি পিছফালৰ বাৰান্দাৰ গ্ৰীলৰ ফাঁকেৰে ৰজনীগন্ধাৰ পিক পেলাবলৈ গৈ ল'ৰাজনে আচাৰ শুকুৱা কাৰবাৰটো দেখি কৌতূহল সামৰিব নোৱাৰি সুধিলে-
"সেইবোৰ কি আন্টি?”
“ কোনবোৰ?”
“ এইযে পিছফালৰ বাৰান্দাত ইমান হাই পাৱাৰৰ বাল্ব জ্বলাই মেলি থৈছে?”
“অ', সেইবোৰ। সেইবোৰ অমৰাৰ আচাৰ বনাইছোঁ”।
“ বা..! আন্টি ,অমৰা আচাৰ বনোৱাৰ নিয়ম কিছু আছে কিন্তু!”
“ নহয় অʼ ৰ'দ নোহোৱাৰ .........”
বাকী কথা তাৰ কাণত নোসোমাল। মোবাইল ফোনেৰে ধুমধাম ফটো মাৰি ফেচবুক , ইনস্তাগ্ৰাম আৰু হোৱাটচ্এপত ষ্টেটাছ দিলে.. “অমৰাৰ আচাৰ বনোৱাৰ তৰিকা।খাবলৈ টেষ্টি, কিন্তু বনাবলৈ বহুত কেজেং”। তাৰ কাৰবাৰ দেখি অনিমাৰ খং এটা আহি তালু পাইছিলগৈ। মনে মনে ক'লে “ইয়াৰ মুখ নেলাগিলেই ৰক্ষা প্ৰভু” ।
সঁচাকৈ মুখ লাগিয়েই গʼল হবলা। পিছদিনা পুৱা অমৰা বোৰৰ ওপৰত এটা বগা চামনি পৰি থকা দেখি অনিমাৰ বুকুখন ধমহ কৈ মাৰিলে।শুঙি চালে। বেয়া গোন্ধ ওলাইছে। পানীও ওলাইছে। তাৰমানে গেলিল। দুখে- বেজাৰে, খঙে-ৰাগে আচাৰবোৰ চুৱা পাতনিলৈ দলিয়াই দি কৈছিল-“নেখাওঁ যা বিল্লুৰ মূৰাটো”।
◼️দেৱ দাস,তেজপুৰ
ফোন নং ৯৪৩৫৩৮০৯২৬.
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ