আজিৰ দিনটোৰ বিশেষত্ব-১৫ জুন

©Admin
0
১৫ জুন (ইংৰাজী: 15 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৬তম (অধিবৰ্ষত ১৬৭তম) দিন। বছৰ শেষ হ'বলৈ ১৯৯ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

১/আজি শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস। ১৯৪৩ চনৰ ১৫ জুনত কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল।

২/ ঔৰংগজেৱৰ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰে ১৬৫৯ চনৰ আজিৰ দিনটোত।

৩/ আজিৰ দিনটোত কলকাতাৰ প্ৰসিদ্ধ প্ৰেছিডেন্সী কলেজ প্ৰতিষ্ঠা হয়।

৪/ বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি সেই কথা বেঞ্জামিন ফ্ৰেংকলিন -এ প্ৰমাণ কৰিছিল ১৭৫২ চনৰ আজিৰ দিনটোতে।

৫/ ১২১৫ চনৰ আজিৰ দিনটোত ইংলেণ্ডৰ ৰজা জনৰ ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান কৰে। এই চনদৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসত আইনৰ শাসন স্বীকৃত হয়।

৬/ ১৯১৬ চনৰ আজিৰ দিনটোত মাৰ্কিন সমাজ বিজ্ঞানী তথা অৰ্থনীতিবিদ হাৰ্বাট আলেকজেণ্ডাৰ ছিমনৰ জন্ম হয়। ছিমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।

৭/ ১৮৯৯ চনত ভাৰতীয় ভাস্কৰ,চিত্ৰশিল্পী আৰু ললিত কলা একাডেমীৰ প্ৰতিষ্ঠাপক সভাপতি দেৱীপ্ৰসাদ ৰায়চৌধুৰীৰ জন্ম। (মৃঃ ১৫/১০/১৯৭৫)

৮/ ১৮৪৯ চনত একাদশ মাৰ্কিন ৰাষ্ট্ৰপতি জেমছ্ নক্স প'ল্কৰ (১৮৪৫-১৮৪৯), নেছভিল টেনত ৫৩ বছৰ বয়সত মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)