বিশ্ব পৰিবেশ দিৱসৰ প্ৰাসংগিকতা-ৰুবিস্মীতা সান্দিল্য

©Admin
0
প্রতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । ১৯৭৫ চনৰ পৰা ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে পালন কৰি অহা হৈছে। বিশ্ব পৰিৱেশ দিৱস পালনৰ বহুতো তাৎপৰ্য আছে। আমি এদিন বিশ্ব পৰিৱেশ দিৱস পালন কৰিলে নহ'ব, সদায় পৰিৱেশৰ কথা চিন্তা কৰিব লাগিব। গছ-গছনি কটাৰ আগত ২০ বাৰ ভাবিব লাগিব।যথে-মথে গছ কটা ৰোধ কৰিব লাগিব। পৰিৱেশ দূষিত নকৰা পদাৰ্থ ব্যবহাৰ কৰিব লাগিব। প্লাষ্টিক জাতীয় সামগ্ৰীসমূহৰ ব্যৱহাৰ কমাই দিব লাগিব। সেউজ গৃহ গেছ ব্যবহাৰ কৰিব লাগিব।গাড়ী-মটৰৰ ব্যৱহাৰ কমাই দিব লাগিব। পানীৰ অপচয় ৰোধ কৰিব লাগিব। তেতিয়াহে আমাৰ পৃথিৱীখন জীয়াই থকাৰ উপযোগী হৈ থাকিব। নহ'লে আমাৰ পৃথিৱীখন বসবাসৰ অনুপযোগী হৈ পৰিব। এদিন বিশ্ব পৰিৱেশ পালন কৰিলে নহ'ব সদায় পৰিৱেশৰ কথা চিন্তা কৰিব লাগিব। পৰিৱেশ থাকিলেহে আমি জীয়াই থাকিব পাৰিম। পৰিৱেশৰ ওপৰতে আমি নিৰ্ভৰশীল। গতিকে ভাই-ভনী, সকলোৱে মিলি পৰিৱেশৰ কথা অলপ হ'লেও ভাবক। এতিয়া সময় আহি পৰিছে। সময়ৰ সদ ব্যবহাৰ কৰক। পৰিৱেশৰ কাৰণে কাম কৰক অলপ হ'লেও।

✍️ৰুবিস্মীতা সান্দিল্য 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)