জৰ্জৰিত মোৰ বুকু ।
এক জটিল ৰোগত মই আক্ৰান্ত
যাৰ পৰিপ্ৰেক্ষিতত মোৰ দেহৰ
অংগবোৰ আজি ক্ষত-বিক্ষত ।
'প্ৰকৃতি' ৰ বিনন্দীয়া ৰূপ সলনি
কৰি দিলে কদৰ্যময় পৰিবেশ ।
পাহাৰ-পৰ্বতবোৰ সেউজীয়াৰে নহয়
শিল- মাটিয়েহে আৱৰিছে এতিয়া ।
জলাশয়ৰ পানী শুকাই হয় তৰাং ।
অতিবৃষ্টিয়ে আকৌ সৃষ্টি কৰে
কৃত্ৰিম বান আৰু ঘটায় ভূযিস্খলন ।
ক্ৰমাত নিঃশেষৰ পথত..
চৰাই-চিৰিকটি ,জন্তু-জানোৱাৰ ।
কলুষিত হৈছে মাটি , পানী, বায়ু
আৰু কলুষিত হৈছে মানুহৰ মন ।
কলুষতাৰ গ্ৰাসত সেউজ পৃথিৱীখন
যেন মৰুভূমিলৈ পৰিণত হৈছে ।
যান-বাহন ,কল- কাৰখানাৰ ধোঁৱাৰে
ধূসৰিত এই শান্ত সমাহিত পৃথিৱীখন ।
পূৱতি নিশা পৃথিৱীখনে উচুপি উঠে
অস্ফুট স্বৰে
মোক জীয়াই থাকিবলৈ দিয়া
মোৰ অংগবোৰ কাটি পংগু নকৰিবা ।
মোক এবাৰ উশাহ লবলৈ
দিয়া ।
সমস্ত শৰীৰলৈকে বৈ যোৱা
এটা দীঘল উশাহ ।।
✍️ মীনাক্ষী দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ