অসমীয়া লোক সংস্কৃতি-ভৱানী কলিতা

©Admin
0
বিহু বিহু বিহু
বিহু আমাৰ তিনিটি
মাঘ বিহু ভোগালী
হয় হেনো ভোগৰ উৎসৱ।

জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে
ওলাই আহা সকলো অসমীয়া
একতাৰ ডোলেৰে বান্ধ খাই আমি
পাতোহি হেঁপাহৰ মাঘ বিহুটি।
মাঘৰ এই মেজিৰ জুইকুৰাই
দহন কৰিবহি মানৱৰূপী
অমানৱৰ কুটিল ভাৱনা।
 
ন- সংকল্পৰে আগুৱাই গৈ
দি যাওঁ আমাৰ পৰিচয়
প্ৰকৃত খিলঞ্জীয়া অসমীয়া বুলি।
তেতিয়াহে জীয়াই উঠিব
অসমীয়াৰ লোক- সংস্কৃতি।

                      
                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)