শাওণৰ সেউজীয়া পথাৰখনিত
ৰূপান্তৰৰ নতুন প্ৰত্যাশা...
পুৱাই কান্ধত নাঙল লৈ
গৰুহাল খেদি খেদি
এখোজ দুখোজকৈ
পিতাই আগবাঢ়ে পথাৰলৈ।
ভাল লাগে,
বৰ ভাল লাগে
পথাৰৰ বোকাৰ সুবাস।
ভাল লাগে
পিতাইক চাহ-জলপান
দিবলৈ গৈ মৈত উঠা
আৰু...
পুখুৰী সিচাঁৰ সময়বোৰ।
আৰু ভাল লাগে,
পিঠিত ৰ'দ সানি
হাতৰ মুঠিত কঠীয়া লৈ
শাৰী শাৰী কৈ
ভূঁই ৰুই।
◾প্লাৱিতা বৰা