Homeকবিতা তাই এটা মৰা কবিতা June 18, 2022 0 গধূলি গোপালৰ গোন্ধটো তাইৰ অপ্ৰিয় । থূপ খোৱা আন্ধাৰবোৰে তাইৰ বুকুত যে আঁচুৰি গৈছিল। তাই এপাহ জী থকা মৰহা ফুল। খিৰিকীৰ ক'লা পৰ্দাখনেতাইৰ পৰা পোহৰবোৰ শুহি নিছে, তাইলৈ পোহৰবোৰ নিগৰিবলৈ বাধা দিছে। তাই এটা মৰা কবিতা;যাৰ শব্দবোৰ জীয়া.....। ©জুৰণি প্ৰিয়া বৰা। Tags: কবিতা জুৰণি প্ৰিয়া বৰা