তোমাক ভাল পাওঁ বাবে
তোমাৰ সৈতে বাৰে বাৰে
কথা পাতিব বিচাৰো
তোমাৰ সান্নিধ্য পাবলৈ
ব্যাকুল হৈ থাকো পুৱাৰ পৰা ৰাতিলৈ
তোমাৰ দুচকুত এনে কি যাদু আছে
যাৰ বাবে মোৰ সমস্ত দৃষ্টি তোমাৰ তাতে নিবদ্ধ
তোমাক কিয় ইমান ভাল লাগে বুজাই ক'ব নোৱাৰো
তোমাৰ বতৰা নাপালে
তোমাক নেদেখিলে বুকুখন বিষ এটাই পীড়া কৰে
তুমি নাজানা মোৰ বাবে তুমি কিমান আপোন
প্ৰতিদিনে তোমাক পাবলৈ
দুনয়নত পিন্ধি লওঁ অলেখ সপোন
তুমি তোমাৰ দৰেই হৈ থাকিবা চিৰদিন
তোমাক পাবলৈ থকা হাবিয়াসটো মোৰ বুকুৰ ভিতৰতে কঢ়িয়াই লৈ ফুৰিম ওৰেটো জীৱন ।