মোৰ পঁজা -সীতা দেৱী

Aditi Tanti
0
শব্দৰ মালিতা,
অনুভৱী ৰং তুলিকাৰ সাক্ষী,
এটি প্ৰেমৰ কবিতা।
কজলা কলিজাত
সেউজীয়া এজাক বৰষুণ।
উৰ্বৰা হৃদয়ত,
এমুঠি কুসুমৰ বীজ।
সুকোমল দুবৰিৰ দলিচাত,
প্ৰাপ্তিৰ দস্তাবেজ।
মিঠা মিঠা লগা গীতৰ গুঞ্জনত,
জাগ্ৰত অন্তৰাত্মা।
তোমাৰ শাশ্বত পৰশত,
জীপাল মোৰ জীৱন।
সৃষ্টিৰ উপলব্ধিত 
জাতিষ্কাৰ মণিকুট।
কাঁচিয়লি ৰ'দত,
অনুপমা সুখৰ পূৰ্ণতা।
জীয়াই থকাৰ সাহস,
মোৰ আটোমটোকাৰী পঁজাত।।

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)