নিগৰি-নিগৰি সৰি পৰে
ৰিক্ত বেদনাৰ সোঁত
যʼত নেকি!
শান্ত নিবিড়ৰ যুঁজাৰু নাই।
পুৱতি-বেলি মাৰ যায়
দিন-ৰাতি বাগৰি-বাগৰি,
সৌ দেখা স্বপ্নজ্যোতিৰ চাকি
উজাৰি ধাৰেৰে বোৱাই।
উকা হাততে
লিখি যায় বিষাদী দিনলিপি,
চাহ-পাতৰ কʼলা জেতুকাৰে
জীৱনৰ ছায়াময় শৈলী।
পোহৰৰ জ্যোতি বিচাৰি
খাই হাবাথুৰি,
দোষ- বিষাদৰ জখলাৰ জীৱন পৰিসীমাৰ
আদিও নাই,অন্তও নাই।
হেঁপাহ শুকায়
নিৰৱে-নিৰৱে কান্দে,
চাৰি-বেৰ, কʼলা ধোৱাৰ কোঠালি
তথাপি নিচুকায় ভঙা হৃদয়ৰ প্ৰাণ।
সুন্দৰ
ReplyDeleteDhuniya hoise👍
ReplyDeleteঅতি সুন্দৰ হৈছে
ReplyDelete