বাৰিষাৰ ভৰা মেঘ-ৰুনু দেবী শর্মা

©Admin
0
আকাশ আৰু মেঘৰ কথোপকথন, 
এই বাৰিষাতেই এজোপা বড় গছৰ মৃত্যু হ'ল, 
চাই থাকোতেই  আকাশ আৰু 
মেঘৰ তাণ্ডৱলীলা, 
চৌদিশে মহাপ্ৰলয়, 
কলিৰ শেষত  কল্কি অৱতাৰ
টল-টল পৃথিৱীৰ অস্থিৰ আর্তনাদ। 
হেজাৰ চকুলোৰ ঐকান্তিক আহ্বান, নৈ কেইখনৰ বাঢ়নী সোঁতলৈ লক্ষ্য কৰি ।
মেঘে যে ওন্দোলাই আনিছে
বুঢ়া লুইতে আৰু কিমান ভাৰ সহিব? 
গছজোপাৰো মৃত্যু হ'ল
গোধন,পশু-পক্ষীৰ হাঁহাকাৰ
বুকুত  এটা প্ৰচণ্ড বিষ উঠিছে
প্ৰকৃতিৰ ৰোদন, পাহাৰ-পর্বতৰ হুমুনিয়াহ 
জল -স্থল সকলোতেই আকাশখন খহি পৰিছে
চকুৰ পচাৰতেই, চলিছে ৰোদন। 
কপিলী, ধনশিৰি, সোৱনশিৰিয়ে কিৰিলি পাৰিছে,
চৌদিশে মহাপ্ৰলয় সকলো
দম্ভ- অহঙ্কাৰৰ মূল। 
কংক্ৰিটৰ মহানগৰীত এতিয়া 
মহাসাগৰত পৰিণত। 
ঠিকনাবোৰ হেৰাই যাব নেকি ?
প্ৰকৃতিৰ ৰোদন, আকাশ আৰু মেঘৰ কথোপকথন। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)