আজি দ্বি-শতেক বছৰ পাৰ হ'ল
উঠা সোঁৱৰাই দিয়া ,
পিশাচ মানৰ আক্ৰমণৰ কথা।
তোমাৰ মোহিনী ৰূপত
টোপনি নাহে মোৰ চকুত
তোমাৰ ৰূপৰ ঝংকাৰে
গা মোৰ ৰিমঝিম কৰে
তোমাৰ লাৱণ্য মুখত
কৰুণতম ৰেখা।
ৰৈ থাকিব নোৱাৰোঁ
তোমাৰ কাষত আহি
ল'বানে মোক বুকুত সাৱটি ?
তিৰবিৰ চকুযুৰি তোমাৰ
ঢৌ খেলোৱা মানাহ-বেঁকীত
সাঁতুৰি সাঁতুৰি পৰিলা ভাগৰি ।
তোমাৰ মৌসনা মাতে
অন্তৰ চুই যায় ,
"মানৰ দিন"ৰ কথা মনলৈ আহে
বুঢ়া লুইতৰ জলে তোমাৰ চৰণ
ধুই দিলে।
তুমি মোৰ জীৱনৰ প্ৰেৰণা
তুমি মনত পেলাই দিয়া
চন্দ্রকান্ত সিংহৰ বেলি মাৰৰ ব্যথা
বীৰ সেনাপতি কৃষ্ণৰাম-চৈতন্য
আৰু মিৰদৌলাৰ বীৰত্বৰ কথা।