চকু মুদি চোৱা যদি,
কিহৰ ঘৰ, কিহৰ সংসাৰ
দেখিবা মাথোঁ অন্ধকাৰ।
ৰঙীন পৃথিৱীত আহিলা তুমি
ৰঙিন চশ্মা চকুত পিন্ধি,
ৰঙবিৰঙৰ দৃশ্য দেখি
পাহৰি ৰʼলা স্ৰষ্টাৰ প্ৰতি।
ষষ্ঠ ৰিপুৰ কু-মন্ত্ৰণাত
বন্দী হʼলা সংসাৰ মায়াত,
ভাল বেয়া নকৰি বিচাৰ
গঢ়িলা তুমি আভিজাত্যৰ পাহাৰ।
ক্ষমতাৰ আসনত বহি
দৰিদ্ৰ-দুখীয়াৰ ৰক্ত চুহি,
ভাবি থাকা দিন ৰাতি
কেনেকৈ হʼবা শিল্পপতি।
আহিছা যদি যাবই লাগিব
চোৱা এবাৰ ভাবি তুমি,
গঢ়িল দেহ যি জন কাৰিকৰ
ৰাখিছা নে তাৰ কিবা খবৰ?
অৱহেলাত কৰিলা দিন পাৰ
শেষ বিচাৰত কেনেকৈ হʼবা পাৰ,
এইখন মিছা মায়াৰ মিছা সংসাৰ
চকু মুদিলেই পৃথিৱী আন্ধাৰ।
✍️হাবেজ উদ্দিন।
ঠিকনাঃ- মিলন বজাৰ , নলবাৰী।
ফোন নং- ৯৮৫৯৬৫৯৪৫২