বিষাদ - দিপাংকৰ শৰ্মা ভৰালী

©Admin
0
    আজি কিয় ইমান মৰম,
    আশাবোৰ কি শেষ হৈ যাব?
    কোনে কʼলে আজি সপোনে বৰণ সলাব, 
    সৌৱা চোৱা চোতালত ঘোৰ অন্ধকাৰ,
    জোনাকৰ লেখ মাথোঁ নাই।
    পোহৰে ইনাই বিনাই কান্দে,
    আকাশত সৌদামিনিৰ মতলীয়া নাচোন। 
    তালে তালে ফিৰিঙতিৰ খাণ্ডৱ দাহন, 
    জ্বলি জ্বলি শেষ হয়
    আশাৰ জেউতি।
    কিয় আজি বাৰে বাৰে ওফন্দি উঠিছে, 
    বুকুত মায়াসনা ঢৌ।
    আলোকৰ সন্ধান দেখোঁ আহে আৰু যায়।
    কোনোবাই লিখি যায় বিষাদৰ গান, 
    আৰু কোনোবাই দি যায় মায়া সনা ৰাতিৰ              শীতল বতাহ। 
    অকলশৰে থকা বহু পৰ হʼল।
    এতিয়া সংগী মাথোঁ ,
    দেও লগা প্ৰেমৰ সপোন।

    ✍️দিপাংকৰ শৰ্মা ভৰালী।
     জিলা - লক্ষিমপুৰ
     ফোন, ৯৬১৩৫০৮৫১৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)