জীপাল হৈ উঠিছে,
ছন্দৰ ৰসেৰে আজি
কাব্য ৰচিছে।
কাব্যনো কি .....(?)
হৃদয়ৰ মিঠা অনুভূতি ।
অনুভৱৰ কলিৰে আজি
হৃদয়ত থাপনা পাতি,
মন-মগজুৰ সৈতে
পাতিছে সখী ।
কাৰোবাৰ সঁহাৰি
কিম্বা ত্যাগৰ কাহিনী,
উলাহৰ অনুভূতি
অথবা বিষাদৰ চকুপানী ।
কল্পনাৰ সাগৰ সিঁচি,
বাস্তৱৰ কাহিনী দেখি,
অনুভৱৰ জৰীৰে
টানি টানি বান্ধি,
সৃষ্টি কৰিলে আজি
কাব্য নদী ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ